ETV Bharat / bharat

Mahua Moitra expulsion threat : নৈতিকতা সমিতিৰ বহিষ্কাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগত ইতিমধ্যে লোকসভাৰ নৈতিকাত সমিতিয়ে মহুৱা মৈত্ৰক বহিষ্কাৰৰ পৰামৰ্শ দিছে । সমিতিৰ প্ৰস্তাৱক বিৰোধিতা কৰাৰ বাবে জেডি (ইউনাইটেড)ৰ সাংসদ গিৰিধাৰী যাদৱক ধন্যবাদ মৈত্ৰৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:17 PM IST

Mahua Moitra expulsion threat
নৈতিকতা সমিতিৰ বহিষ্কাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ

নেশ্যনেল ডেস্ক,১০ নৱেম্বৰ : ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগত ইতিমধ্যে লোকসভাৰ নৈতিকতা সমিতিয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিছে । ইয়াৰ পাছতে সাংসদগৰাকীয়ে সমিতিখনক তীব্ৰ সমালোচনা কৰিছে । তেওঁ প্ৰশ্ন কৰিছে চৰকাৰে প্ৰমাণ বিচৰাৰ পূৰ্বে সমিতিয়ে কেনেকৈ বহিষ্কাৰৰ পৰামৰ্শ দিব পাৰে । তেওঁ দাবী কৰা মতে বহিষ্কাৰৰ শেহতীয়া সিদ্ধান্তই তেওঁক ২০২৪ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ আশা দুগুণ বৃদ্ধি কৰিব ।

অহা বছৰৰ সাধাৰণ নিৰ্বাচনত তেওঁ বৃহৎ জনাদেশ লৈ উভতি আহিব বুলিও দাবী কৰি মহুৱা মৈত্ৰই কয় যে নৈতিকতা সমিতিৰ দ্বাৰা অনৈতিকভাৱে বহিষ্কৃত হোৱা সংসদীয় ইতিহাসত প্ৰথম ব্যক্তি হিচাপে তেওঁ গৌৰৱান্বিত । তেওঁ লগতে কয় যে প্ৰথমে বহিষ্কাৰ কৰিব আৰু তাৰ পাছত চৰকাৰক চিবিআইক প্ৰমাণ বিচাৰিবলৈ ক'ব । তেওঁ লগতে নৈতিকতা সমিতিক কেংগাৰু আদালতৰ সৈতেও তুলনা কৰে ।

  • Proud to go down in parliamentary history as 1st person to be unethically expelled by Ethics Comm whose mandate doesn’t include explusion. 1st expel & THEN ask govt to ask CBI to find evidence. Kangaroo court, monkey business from start to finish.https://t.co/PW5bbgeyIp

    — Mahua Moitra (@MahuaMoitra) November 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নৈতিকতা সমিতিৰ বিৰুদ্ধে অপ্ৰয়োজনীয় প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন কৰা মহুৱা মৈত্ৰই পূৰ্বে নিজকে মহাভাৰতৰ দ্ৰৌপদী চৰিত্ৰৰ সৈতে তুলনা কৰিছিল । এইবাৰ শ্ৰীকৃষ্ণৰ দৰে তেওঁক উদ্ধাৰ কৰিবলৈ অহাৰ বাবে সমিতিৰ সদস্য জেডি (ইউনাইটেড)ৰ সাংসদ গিৰিধাৰী যাদৱক তেওঁ ধন্যবাদ জনায় ।

  • Take a bow @GiridhariYadav_ for telling it like it is. You truly are the Govinda for Draupadi .

    Must watch till the end. If for nothing else than to learn from BJP wallahs on how NOT to be a spokesperson! https://t.co/TOdbcMGuxv

জেডি (ইউনাইটেড)ৰ সাংসদগৰাকীয়ে মহুৱা বহিষ্কাৰৰ বিষয়ত তেওঁৰ প্ৰতিক্ৰিয়াত কয় যে কেৱল প্ৰশ্ন কৰা হৈছে গোচৰটোৰ প্ৰতিবেদনৰ ওপৰত সদস্যসকলৰ মাজত কোনো আলোচনা হোৱা নাই । আনকি এয়া সম্পূৰ্ণ নিয়ম উলংঘন বুলি অভিযোগ কৰি সাংসদগৰাকীয়ে কয় যে শাসকীয় বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে আৰু সেয়েহে তেওঁলোকে যিকোনো কাম কৰিব পাৰে ।

উল্লেখ্য যে বিজেপিৰ লোকসভা সদস্য বিনোদ কুমাৰ সোনকাৰৰ অধ্যক্ষতাত অনুষ্ঠিত নৈতিক সমিতিয়ে বৃহস্পতিবাৰে মৈত্ৰৰ ৪৭৯ পৃষ্ঠাৰ প্ৰস্তাৱ গ্ৰহণৰ পাছত বহিষ্কাৰৰ পৰামৰ্শ দিয়া হয় । সমিতিৰ ৬ জন সদস্যই এই প্ৰস্তাৱত সমৰ্থন জনাই আৰু ৪ জনে বিৰোধিতা কৰে ।

লগতে পঢ়ক :Ethics Committee recommended Moitras expulsion : মহুৱা মৈত্ৰক বহিষ্কাৰৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.