ETV Bharat / bharat

TMC files 27 FIR in Tripura : ত্ৰিপুৰাত ২৭ খন এজাহাৰ দাখিল তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Nov 25, 2021, 1:42 PM IST

ত্ৰিপুৰাত দলীয় কৰ্মী আৰু নিৰ্বাচনৰ প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগ উত্থাপন কৰি ২৭ খন এজাহাৰ দাখিল কৰিছে তৃণমূল কংগ্ৰেছে(TMC files 27 FIR in Tripura) । এই কথা জানিবলৈ দিছে তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰা গোটৰ পৰিচালনা সমিতিৰ সভাপতি সুবল ভৌমিকে । ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ কৰ্মকৰ্তা আৰু প্ৰাৰ্থীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে ।

TMC files 27 FIRs with police for attacking party candidates
দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগত ত্ৰিপুৰাত ২৭ খন এজাহাৰ দাখিল তৃণমূল কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : বৃহস্পতিবাৰে ত্ৰিপুৰাত অনুষ্ঠিত হৈছে পৌৰ নিগমৰ নিৰ্বাচন । কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত কেতবোৰ হিংসাত্মক ঘটনাই তৃণমূল কংগ্ৰেছক বাৰুকৈয়ে ক্ষোভিত কৰিছে । শাসকীয় দল বিজেপিক প্ৰায়েই সমালোচনাৰে থকা-সৰকা কৰা তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাত দাখিল কৰিছে মুঠ ২৭ খন এজাহাৰ ।

বুধবাৰে তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰা গোটৰ পৰিচালনা সমিতিৰ সভাপতি সুবল ভৌমিকে এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়া মতে, পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাচত এই ২৭ খন এজাহাৰ দাখিল কৰা হৈছে(TMC files 27 FIR in Tripura) ।

পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ কৰ্মকৰ্তা আৰু প্ৰাৰ্থীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে(TMC candidates attacked in Tripura) । তেওঁ কয় যে, ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত পূৰ্বে তেওঁ এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা নাই(Violence in Tripura )। এইবাৰ পৰিস্থিতি ভয়াৱহ হৈ পৰিছে(Tripura Situation before civic body polls) । লগতে তেওঁ উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ সন্তুষ্টি ব্যক্ত কৰে ।

তেওঁ লগতে অভিযোগ তোলে যে, তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষী আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ভূমিকা বিশেষ সন্তুষ্টিজনক নাছিল ।

ভৌমিকে অভিযোগ তোলে যে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতো মঙলবাৰে নিশা আগৰতলা পৌৰ নিগমৰ ৩, ৩০ আৰু ৮ নং ৱাৰ্ডত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ বাসগৃহ আৰু বাহনত আক্ৰমণৰ চলোৱা হৈছিল । তেওঁ কয় যে, ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিছে । আৰক্ষীয়েও হঠাতে তেওঁৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা আঁতৰি গৈছে বুলি তেওঁ অভিযোগ তোলে ।

তেওঁ জনায় যে, পূৱ আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু মহকুমা আৰক্ষী বিষয়াই মঙলবাৰে নিশা তেওঁৰ বাসগৃহলৈ আহি কোনো বাহিৰৰ লোক আছে নে নাই পৰীক্ষা কৰে । তেওঁ অভিযোগ উত্থাপন কৰে যে, শাসনাধিষ্ঠিত বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে তৃণমূল কংগ্ৰেছৰ পুলিং এজেণ্টসকলকো ভীতিগ্ৰস্ত কৰিছে ।

সুবল ভৌমিকে জনায় যে, দলটোৰ ৩২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থী বিজেপি সমৰ্থিত গুণ্ডা বাহিনীৰ আক্ৰমণৰ সন্মুখীন হৈছে (Subal Bhowmicks reaction on Tripura Violence)। পৌৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত মুঠ ২৭ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই বুলি তেওঁ অভিযোগ তোলে । উল্লেখ্য যে, বৃহস্পতিবাৰে ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে ।

লগতে পঢ়ক: Tripura civic Poll : বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.