ETV Bharat / bharat

Amartya Sen on '24 Lok Sabha Election: পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সকলো যোগ্যতা আছে মমতা বেনাৰ্জীৰ: অমৰ্ত্য সেন - Lok Sabha election 2023

দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সকলো গুণেই আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ এই মন্তব্য দেশৰ জ্যেষ্ঠ অৰ্থনীতিবিদ ন'বেল বটা বিজয়ী অমৰ্ত্য সেনৰ ৷ বিজেপিক পৰাভূত কৰিবলৈ দেশৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্ৰিত হোৱাৰো আহ্বান জনাই অমৰ্ত্য সেনে ৷

Amartya Sen on '24 Lok Sabha Election
পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সকলো যোগ্যতা আছে মমতা বেনাৰ্জীৰ: অমৰ্ত্য সেন
author img

By

Published : Jan 14, 2023, 9:50 PM IST

নেশ্যনেল ডেস্ক, 14 জানুৱাৰী: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী(Trinamool Congress) মমতা বেনাৰ্জীৰ(Mamata Banerjee) প্ৰধানমন্ত্ৰী হোৱাৰ সকলো গুণ আছে ৷ অৱশ্যে বিজেপিৰ শাসনক লৈ সৃষ্টি হোৱা দেশবাসীৰ হতাশাক মমতা বেনাৰ্জীয়ে একত্ৰিত কৰিব পাৰিব নে নোৱাৰে সেয়া বৰ্তমানেও ক’ব পৰা নাযায় ৷ এই মন্তব্য দেশৰ জ্যেষ্ঠ অৰ্থনীতিবিদ তথা ন’বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ(Nobel Laureate Amartya Sen) ৷

90 বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে লগতে কয়, ‘‘বিজেপিয়ে যদি 2024 চনৰ লোকসভা নিৰ্বাচনত(Lok Sabha election 2023) বিজেপিৰ সপক্ষে এক ঘোঁৰাৰ দৌৰ হ’ব বুলি ভাবে তেন্তে সেয়া ভুল হ’ব ৷’’ লগতে 2024 চনৰ লোকসভা নিৰ্বাচনত কেইবাটাও আঞ্চলিক দলৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলিও মন্তব্য কৰে অৰ্থনীতিবিদগৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ কয়, ‘‘মই ভাবো কেইবাটাও আঞ্চলিক দলৰ ভূমিকা স্পষ্টভাৱে গুৰুত্বপূৰ্ণ হ’ব ।’’ এই সন্দৰ্ভত DMKৰ লগতে তৃণমূল কংগ্ৰেছৰ গুৰুত্বতাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘সমাজবাদী পাৰ্টিৰো কিছু সবল স্থিতি আছে কিন্তু সেয়া ভৱিষ্যতে সম্প্ৰসাৰিত হ’ব নে নহয় সেয়া এতিয়াই ক’ব পৰা নাযায় ৷’’

বিজেপিয়ে(BJP) দেশত নিজকে এটা হিন্দুত্ববাদী দল হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৷ এনে প্ৰেক্ষাপটত বিজেপিৰ স্থান ল’ব পৰা দল নাই বুলি মন্তব্য কৰাটো ভুল হ’ব ৷ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ(Press Trust of India) সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে জ্যেষ্ঠ অৰ্থনীতিবিদ অমৰ্ত্য সেনে ৷

উল্লেখ্য যে, কংগ্ৰেছ (এনচিপি) আৰু জনতা দল ইউনাইটেড(JDU)কে ধৰি কেইবাটাও দলৰ নেতাই 2024 চনত লোকসভা নিৰ্বাচনৰ বাবে নতুন মহাজোঁট গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৷ দেশৰ সকলো আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত কৰি বেজেপিক পৰাভূত কৰাৰ ব্লুপ্ৰিণ্ট ইতিমধ্যেই ৰচিছে কংগ্ৰেছে ৷ অৱশ্যে এইক্ষেত্ৰত কংগ্ৰেছ দলৰ প্ৰতি আঞ্চলিক দলসমূহৰ ভূমিকা কেনে হ’ব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ’ব ৷

তাৎপৰ্যপূৰ্ণ ভাৱে, দেশৰ জ্যেষ্ঠ অৰ্থনীতিবিদগৰাকীয়ে এই কথাও উল্লেখ কৰে যে, বিজেপিয়ে ভাৰতৰ প্ৰতি থকা দৃষ্টিভংগী যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে । বিজেপিয়ে ভাৰতক কেৱল হিন্দুৰ ভাৰত আৰু হিন্দীভাষী ভাৰত হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি দেশখনক সংকুচিত কৰি পেলাইছে ৷ এনে পৰিস্থিতিত যদি ভাৰতত বিজেপিৰ বিকল্প নাথাকে তেন্তে সেয়া ভাৰতৰ বাবে পৰিতাপৰ বিষয় ৷

বিজেপি দল শক্তিশালী হোৱাৰ সান্তৰালভাৱে বিজেপিৰ বহু দুৰ্বলতাও আছে বুলি উল্লেখ কৰি অমৰ্ত্য সেনে বিজেপি বিৰোধী আঞ্চলিক শক্তিসমূহক একত্ৰিত হোৱাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক: Jallianwala Bagh in MP : মধ্যপ্ৰদেশৰ জালিয়ানৱালাবাগ ! 356 বিপ্লৱীক গুলীয়াই হত্যা কৰিছিল ব্ৰটিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.