ETV Bharat / bharat

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ - পশ্চিমবংগৰ মেদিনিপুৰ

'তৃণমূল কংগ্ৰেছক খেদা, বিজেপিক শাসনলৈ আনা আৰু পশ্চিমবংগ ৰক্ষা কৰা' । দেওবাৰে পশ্চিমবংগৰ মেদিনীপুৰত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে, ৰাজ্যখনৰ ৰাইজে এতিয়া এই শ্ল'গানবোৰে বাস্তৱ ৰূপ পোৱাতো বিচাৰিছে । মেদিনীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সমিত দাসৰ সমৰ্থনত প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে ।

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

author img

By

Published : Mar 15, 2021, 7:42 PM IST

নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ: পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীক কঠোৰ ভাষাৰে সমালোচনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । মেদিনীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী সমিত দাসৰ হৈ প্ৰচাৰ চলাই তেওঁ কয় যে, "পশ্চিমবংগৰ ৰাইজে এতিয়া তৃণমূল কংগ্ৰেছক খেদা, বিজেপিক শাসনলৈ আনা আৰু পশ্চিমবংগ ৰক্ষা কৰাতো বিচাৰিছে" । লগতে তেওঁ কয় যে, ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিৰ কৃতিত্ব লৈছে মমতা বেনাৰ্জীয়ে ।

প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীৰ পৰা দৰিদ্ৰ লোক আৰু ৰাজ্যৰ বিকাশৰ বাবে ৪ লাখ কোটি টকা প্ৰেৰণ কৰিছিল । কংগ্ৰেছ চৰকাৰক সমৰ্থন কৰি থকা সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যৰ উন্নয়নৰ বাবে কিমান টকা ব্যয় কৰিছিল বুলি প্ৰশ্ন কৰে স্মৃতি ইৰাণীয়ে । যিসকলে ভাৰতৰ কোষাগাৰ লুণ্ঠন কৰিছে আৰু দেশৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকক মমতা বেনাৰ্জীয়ে সমৰ্থন কৰিছে বুলিও কটাক্ষ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে, পশ্চিমবংগৰ লোকসকলে সিদ্ধান্ত লৈছে যে, মমতা বেনাৰ্জীৰ খেল শেষ হোৱাৰ সময় আহি পৰিছে । ইৰাণীয়ে লগতে কয় যে, ক্ষমতালৈ অহাৰ পিছত মমতাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে পশ্চিমবংগত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন আৰু সৰস্বতী পূজা উদযাপনৰ অনুমতি দিয়া নাছিল । মমতাক কটাক্ষ কৰি ইৰাণীয়ে কয় যে, 'তেওঁ খেলা হবে বুলি কৈ আছে, কিন্তু মানুহে খেলা শেষ বুলি কৈ আছে' । তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ মহিলা আৰু দৰিদ্ৰ লোকৰ সন্মান আৰু জীৱনৰ সৈতে খেলি থকাৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

২৭ মাৰ্চত পদুমৰ চিহ্নৰ সৈতে থকা বুটামটো টিপি সমিত দাসক আশীৰ্বাদ কৰিবলৈও ৰাইজক তেওঁ আহ্বান জনায় । পশ্চিমবংগত এইবাৰ তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ-বাওঁপন্থী মিত্ৰজোঁট আৰু বিজেপিৰ মাজত ত্ৰিকোণীয়া প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে । ২৯৪ জনীয়া পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন অহা ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ২ মে'ত ভোটগণনা সম্পন্ন হ'ব ।

লগতে পঢ়ক: বিবাহৰ পাত্ৰী বিচাৰি হাবাথুৰি খোৱা মনছুৰীক মুম্বাইলৈ আমন্ত্ৰণ ছলমানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.