ETV Bharat / bharat

Tripura MLA expelled: দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ বিধায়ক আশীষ দাসক

author img

By

Published : Jan 5, 2022, 7:31 PM IST

অৱশেষত বিধানসভাৰ পৰা বহিষ্কৃত হ'ল ত্ৰিপুৰাৰ সুৰমাৰ বিধায়ক আশীষ দাস । দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত বিধানসভাৰ অধ্যক্ষই বহিষ্কাৰ কৰে বিধায়কগৰাকীক (Tripura BJP MLA expelled from assembly)। বিধানসভাই নিৰ্বাচন আয়োগলৈও বহিষ্কাৰ পত্ৰ প্ৰেৰণ কৰিব ।

Tripura MLA expelled
দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ বিধায়ক আশীষ দাসক

আগৰতলা,৫ জানুৱাৰী : শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল বিধায়ক আশীষ দাসে । ইয়াৰ পাছতে ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰবৰ্তীয়ে বুধবাৰে বিধায়ক আশীষ দাসক বিধানসভাৰ পৰা বহিষ্কাৰ কৰে (Tripura BJP MLA expelled from assembly)। সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ৰতন চক্ৰবৰ্তীয়ে কয় যে, যোৱা কেইবামাহ ধৰি মুখ্য হুইপ কল্যাণী ৰয়ে বিধায়ক আশীষ দাসৰ দুৰ্ব্যৱহাৰ আৰু দল বিৰোধী কাৰ্যকলাপ তথা আন এটা ৰাজনৈতিক দলত তেওঁৰ যোগদানৰ বিষয়টো বিধানসভাৰ দৃষ্টিগোচৰ কৰিছিল ।

আনকি বিধায়িকা কল্যাণী ৰয়ে আশীষ দাসৰ বিৰুদ্ধে যোৱা ২৫ অক্টোবৰত তেওঁৰ দল বিৰোধী কাৰ্যকলাপৰ বাবে বিধানসভাৰ অধ্যক্ষৰ সন্মুখত আবেদনো দাখিল কৰিছিল (Kalyani Ray complains against Ashis Das)। অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে, এই সম্পৰ্কত দীঘলীয়া আলোচনাৰ পাছত বিধায়ক আশীষ দাসক বহিষ্কাৰ কৰা হৈছে । ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, বিধায়ক দাসৰ বহিষ্কাৰৰ পত্ৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হ'ব ।

নিৰ্বাচিত প্ৰতিনিধিগৰাকীয়ে কেনেদৰে যোগ্যতা হেৰুৱাইছে সেয়া বিবেচনা কৰি নিৰ্বাচন আয়োগে এই সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত ল'ব । আশীষ দাসৰ পৰা উত্তৰ বিচাৰি বহুবাৰ পত্ৰও প্ৰেৰণ কৰিছে বিধানসভাই । কিন্তু কোনো পত্ৰৰে উত্তৰ নিদিলে আশীষ দাসে । সেয়ে সেই পত্ৰসমূহো নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিব বিধানসভাই ।

অৱশ্যে নিৰ্বাচন আয়োগে তাৰ পাছত সিদ্ধান্ত ল'ব যে আশীষ দাস পৰৱৰ্তী নিৰ্বাচনত যুঁজিব পাৰিব নে নোৱাৰে । অধ্যক্ষগৰাকীয়ে লগতে কয় যে এতিয়াৰে পৰা বিধানসভাৰ সদস্য পদৰ সকলো সুবিধা আৰু ভাট্টাৰ পৰা বঞ্চিত হ'ব আশীষ দাস । অধ্যক্ষগৰাকীয়ে লগতে কয় যে আইপিএফটিৰ (IPFT) বিধায়ক বৃষকেতু দেববাৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰা বিষয়টোও চোৱা-চিতা কৰি থকা হৈছে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ মুখত কেৱল বিপ্লৱ : কিয় বিপ্লৱৰ প্ৰশংসাত পঞ্চমুখ হৈছে প্ৰধানমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.