ETV Bharat / bharat

২০২১ৰ নিৰ্বাচন: অস্তিত্ব আৰু সুৰক্ষাৰ বাবে ভোটদান

author img

By

Published : May 6, 2021, 7:49 PM IST

২০২১ চনত বংগৰ নিৰ্বাচনত ভোটাৰসকলে বিজেপিৰ বিৰুদ্ধে গৈ মমতাক ভোট দিছিল আৰু তৃণমূল দলে কংগ্ৰেছ আৰু বাওঁ শিবিৰৰ ভোটসমূহ পাবলৈও সক্ষম হৈছিল ৷ যাৰ ফলত তৃণমূলৰ প্ৰদৰ্শন ২০১৬ চনতকৈও ভাল হৈছিল । এই নিৰ্বাচনত তৃণমূলে বাওঁ আৰু কংগ্ৰেছ শিবিৰক বংগৰ ৰাজনৈতিক মেপৰ পৰা আঁতৰাবলৈও সক্ষম হৈছে । কলকাতা চহৰত য'ত বিজেপিয়ে যথেষ্ট ভোট আশা কৰিছিল, সেই চহৰেও বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰি দিছিল ।

2021 election results
http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/06-May-2021/11663860_350_11663860_1620309756904.png

হুইল চেয়াৰত বহি থকা এগৰাকী মহিলাৰ প্ৰতিশ্ৰুতি, বিজেপিৰ হাতলৈ ক্ষমতা আহিলে ধৰ্মীয় সংখ্যালঘুসকলৰ অস্তিত্ব আৰু সুৰক্ষা সংকটত পৰিব । যদিও পশ্চিমবংগ নিৰ্বাচনৰ বাবে এই দুই ধৰণৰ ধাৰাভাষ্য সৃষ্টি কৰা হৈছিল ৷ কিন্তু ধৰ্মীয় সংখ্যালঘুসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰেৰে তৃণমূল কংগ্ৰেছক শক্তিশালী কৰি ৰাজ্যখনত বিজেপিৰ ৰথৰ চকা প্ৰতিহত কৰিলে । তাৰোপৰি ৰাজ্যৰ ভোটাৰসকলে আনসমূহ ধৰ্ম নিৰপেক্ষ দলকো প্ৰতিহত কৰে ।

একমাত্ৰ মমতা বেনাৰ্জীয়ে বিজেপিৰ ৰথৰ চকা স্তব্ধ কৰিব পাৰিব বুলি থকা বিশ্বাসৰ বাবেই পশ্চিমবংগত এইবাৰ ধৰ্মীয় সংখ্যালঘুসকলক উগ্ৰ হিন্দুত্ববাদী আদৰ্শৰ বিৰুদ্ধে একত্ৰিত কৰা দেখা গ'ল । তৃণমূল কংগ্ৰেছে বংগত এইবাৰ বিজেপিক কেৱল প্ৰতিহত কৰা নাই । যি বিজেপি দলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দক্ষিণ জংগল মহল বেল্টত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছিল তাৰ পৰাও গেৰুৱা দলটোক উৎখাত কৰিবলৈ সক্ষম হয় । জংগল মহল বেল্টত মহিলা সকলৰ ভোটাধিকাৰৰ সংখ্যা বেছি হোৱাটোৱে ইয়াকে সূচায় যে, সকলোৱে বিজেপিক সমষ্টিসমূহৰ পৰা উৎখাত কৰাৰ বাবে তৃণমূল দলকে ভোটদান কৰিছে । যদিও বিজেপিয়ে মতুৱাসকলৰ বিষয়টোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিছিল, তথাপিও সফল হোৱা নাছিল ।

২০২১ চনত বংগৰ নিৰ্বাচনত ভোটাৰসকলে বিজেপিৰ বিৰুদ্ধে গৈ মমতাক ভোট দিছিল আৰু তৃণমূল দলে কংগ্ৰেছ আৰু বাওঁ শিবিৰৰ ভোটসমূহ পাবলৈও সক্ষম হৈছিল ৷ যাৰ ফলত তৃণমূলৰ প্ৰদৰ্শন ২০১৬ চনতকৈও ভাল হৈছিল । এই নিৰ্বাচনত তৃণমূলে বাওঁ আৰু কংগ্ৰেছ শিবিৰক বংগৰ ৰাজনৈতিক মেপৰ পৰা আঁতৰাবলৈও সক্ষম হৈছে । কলকাতা চহৰত য'ত বিজেপিয়ে যথেষ্ট ভোট আশা কৰিছিল, সেই চহৰেও বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰি দিছিল ।

তৃণমূলৰ যিসকলে দল এৰি বিজেপিত যোগদান কৰিছিল, তেওঁলোকেও ভাল ফল দেখুওৱাত ব্যৰ্থ হৈছিল । ৰাজীৱ বেনাৰ্জী, বৈশালী ডালমিয়া আদিকে ধৰি তৃণমূলৰ বিধায়কসকল যিয়ে বিজেপিত যোগদান কৰিছিল তেওঁলোকেও পৰাজিত হয় । কেৱল মাত্ৰ শুভেন্দু অধিকাৰী যিয়ে নন্দীগ্ৰামত মুখ্যমন্ত্রী মমতা বেনাৰ্জীক হৰুৱাই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় ।

পশ্চিমবংগৰ নিচিনা কেৰালাতো বিজেপিৰ একেই দশা হ'ল, য'ত ভোটাৰসকলে দলটোক নিঃশেষ কৰি পেলালে । উত্তৰ আৰু মধ্য কেৰালাৰ সংখ্যালঘুসকলে এলডিএফলৈ তেওঁলোকৰ আনুগত্য সলনি কৰে, কাৰণ তেওঁলোকক কোৱা হৈছিল যে, বিজেপি দল ক্ষমতালৈ আহিলে সংখ্যালঘুসকলৰ অস্তিত্ব সংকটত পৰিব । উত্তৰ কেৰালাত য'ত মুছলিম লীগৰ আধিপত্য বেছি তাতো ভোটাৰসকলে বাওঁ শিবিৰৰ সমৰ্থনত ভোটদান কৰে । আনহাতে মধ্য কেৰালাত য'ত খ্ৰীষ্টিয়ানসকলৰ আধিপত্য আছে, তেওঁলোকেও বাওঁ শিবিৰৰ সপক্ষে ভোটদান কৰে । কেৰালাৰ দক্ষিণত য'ত হিন্দুসকল সংখ্যাগুৰু তাতো বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম নহ'ল । কাৰণ দলটোৱে ভোটাৰসকলক আকৃষ্ট কৰিবলৈ এক বিশ্বাসযোগ্য ধাৰাভাষ্য সৃষ্টি কৰাত ব্যৰ্থ হৈছিল ।

আনহাতে, তামিলনাডুৰ ডিএমকে দলে তেওঁলোকৰ বিপক্ষে উত্থাপন কৰা পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ অভিযোগ খণ্ডন কৰিবলৈ সক্ষম হয় । অকল কৰুণানিধিৰ পাছৰ বংশই নহয়, এল কে ষ্টেলিনৰ দ্বিতীয় বা তৃতীয় বংশয়ো ভাল ফলাফল দেখুৱাই ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনে চেপুক সমষ্টিৰ পৰা যথেষ্ট ভোটৰ ব্যৱধানত জয়ী হয় । জয়াললিতাৰ মৃত্যুৰ পাছত এআইএডিএমকেৰ মহিলা ভোটাৰ সকলেও এইবাৰ ডিএমকেৰ সপক্ষে ভোটদান কৰে ।

তামিলনাডুত ডিএমকেই মাত্ৰ এআইএডিএমকেৰ ১০ বছৰৰ শাসনক উফৰাবলৈ সক্ষম হোৱা নাই, বৰঞ্চ দলটোৰ পিছৰ প্ৰজন্মৰ নেতাসকলকো শাসনত অধিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । ইফালে ডিএমকে সেই সময়ত ক্ষমতালৈ আহিছে, যি সময়ত গোটেই পৃথিৱীয়ে এক গভীৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । দলটোৰ বাবে ক'ভিডৰ সৈতে মোকাবিলা কৰাটো হ'ব এক ডাঙৰ প্ৰত্যাহ্বান ।

কেৰেলা আৰু পশ্চিমবংগৰ তুলনাত অসমৰ নিৰ্বাচন আছিল বিজেপিৰ বাবে এক ভাল সময়, য'ত সংখ্যালঘু ভোটৰ মেৰুকৰণে দলটোক কোনো ধৰণে প্ৰভাৱিত কৰিব নোৱাৰিলে । অসমত কংগ্ৰেছে যদিও খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে এক ৰাজনৈতিক ধাৰাভাষ্যৰ সৃষ্টি কৰিছিল, সেই ধাৰাভাষ্যই বিজেপি দলকহে সহায় কৰা পৰিলক্ষিত হ'ল । কা বিৰোধী আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সৃষ্টি কৰা ধাৰাভাষ্যসমূহেও বিজেপিক কোনো ধৰণে ক্ষতি কৰিব নোৱাৰিলে । এই কথাও লক্ষণীয় যে, বিজেপিৰ ক্ষমতাশালী নেতা ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজক পতিয়ন নিয়াব পৰাৰ আছে সুদক্ষ শক্তি, যিয়ে দলটোক যথেষ্ট সহায় কৰিলে । কংগ্ৰেছ দলৰ ধাৰাভাষ্যসমূহৰ তুলনাত বিজেপিৰ অসম আন্দোলনৰ ৬নং দফাৰ ৰূপায়ণৰ প্ৰতিশ্ৰুতিয়ে পতিয়ন নিয়াবলৈ সক্ষম হৈছিল যে, দলটোৱে খিলঞ্জীয়া সকলৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিব । তাৰোপৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পৰাজয়ে সূচায় যে, অসমত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক ভোটাৰসকলে কিদৰে প্ৰত্যাখান কৰিছে ।

যি কি নহওঁক, অসমত কিন্তু বিজেপি দলৰ বাবে হ'ব পৰা প্ৰধান সমস্যা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত হৈ থকা ক্ষমতাৰ যুঁজখনক ক্ষান্ত কৰিব পৰাটো । যদি বিজেপিয়ে এই দুয়োজন নেতাৰ মাজত এক সুস্থ সম্পৰ্ক বৰ্তাই ৰাখিব নোৱাৰে, তেন্তে ভৱিষ্যতে হয়তো তামিলনাডুৰ নিচিনা শাসকীয় দলৰ মাজত হ'ব পাৰে এক নতুন বিভাজন ।

শেষত ক'ব পাৰি যে, পশ্চিমবংগত এতিয়া লক্ষণীয় হ'ব, কিদৰে বিধায়ক পদত পৰাজিত হোৱা মমতা বেনাৰ্জীয়ে আকৌ ছমাহৰ ভিতৰত বিধায়ক নিৰ্বাচিত হৈ নিজৰ মুখ্যমন্ত্ৰী পদ ধৰি ৰাখিব পাৰে । তেওঁ এতিয়া কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব, সেয়াও হ'ব এক মন কৰিবলগীয়া বিষয় । শেহতীয়াকৈ খালী হৈ থকা কলকাতাৰ খাৰদা সমষ্টি মমতাৰ বাবে বাট চাই আছে নেকি ? সেইয়াও হ'ব চাবলগীয়া এক গুৰুত্বপূৰ্ণ বিষয় ।

লিখক: বিলাল ভাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.