ETV Bharat / bharat

ধলাইত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

আগৰতলা পৌৰ নিগমৰ প্ৰতিটো পৰিয়ালৰে বাবে ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে ত্ৰিপুৰা চৰকাৰে । বৃহস্পতিবাৰে ধলাই জিলাৰ কেইবাটাও ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ।

Tipura CM visited covid care centres in Dhalai
ধলাইত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ
author img

By

Published : May 14, 2021, 4:14 PM IST

নেশ্যনেল ডেস্ক, ১৪ মে': ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰাৰ চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । সংক্ৰমণ ৰোধৰ বাবে পূৰ্বতকৈ অধিক তৎপৰতাৰে কাম কৰিছে চৰকাৰে । বৃহস্পতিবাৰে ধলাই জিলাৰ কেইবাটাও ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । তেওঁ কয় যে, আগৰতলা পৌৰ নিগমৰ প্ৰতিটো পৰিয়ালৰে বাবে ৰেপিড এণ্টিজেন পৰীক্ষা বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে ।

তেওঁ লগতে কয় যে, মহমাৰীৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ক'ভিড পৰীক্ষা এক গুৰুত্বপূৰ্ণ কাম । স্বাস্থ্য কৰ্মীসকলে অহা তিনি দিনৰ ভিতৰত পৌৰ নিগমৰ অধীনৰ প্ৰতিখন ঘৰলৈ গৈ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাব । ঘৰে ঘৰে ক'ভিড পৰীক্ষা সম্পন্ন কৰোৱা প্ৰক্ৰিয়াত ৰাইজৰ পৰা সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Tipura CM visited covid care centres in Dhalai
ধলাইত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনিক আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে ধলাই জিলাৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে । আমবাছাস্থিত পাঞ্চায়তীৰাজ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আম্বাছাৰ ৰে'লৱে অতিথি গৃহ আৰু কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যাসাগৰ হোষ্টেলৰ ক'ভিড কোয়াৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ।

পিছত, মুখ্যমন্ত্ৰীয়ে তেওঁৰ ছ'চিয়েল মিডিয়াযোগে এটা পোষ্ট শ্বেয়াৰ কৰে আৰু এই পোষ্টটোত তেওঁ উল্লেখ কৰে যে, ধলাই জিলাত আক্ৰান্তৰ হাৰ ২ শতাংশ । তেওঁ ৰাইজক সাৱধনতা অৱলম্বন কৰিবলৈ আৰু সংক্ৰমণ হ্ৰাস কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম মানি চলিবলৈ আহ্বান জনায় । ক'ভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰাত যাতে পলম নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ।

কেন্দ্ৰসমূহ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব জে কে সিনহা, ধলাইৰ জিলা দণ্ডাধীশ গ'ৱেকাৰ ময়ূৰ ৰতিলাল আৰু ধলাই জিলাৰ মুখ্য চিকিৎসা বিষয়া । আনহাতে, সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱা বাবে পিছত আগৰতলাৰ ৫,২১ আৰু ৪৬ নং ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আন কেইবাটাও ৱাৰ্ডতো সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এই ৱাৰ্ডবোৰতো শীঘ্ৰেই একে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:আগৰতলা চহৰৰ ৩ টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.