ETV Bharat / bharat

টিটিএএডিচি নিৰ্বাচন : সংখ্যাগৰিষ্ঠতাৰে ইতিহাস ৰছনা TIPRA ৰ

টিটিএএডিচি ৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে সংখ্যাগৰিষ্ঠতাৰে ইতিহাস ৰছনা TIPRA ৰ ৷ 28 জনীয়া ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল নিৰ্বাচন 18 আসন লাভেৰে কাউন্সিল গঠন কৰাৰ দিশে TIPRA ৷

tipra sweeps ttaadc polls pradyot set to become the next cem
18 আসন লাভেৰে ইতিহাস ৰছনা TIPRA ৰ
author img

By

Published : Apr 10, 2021, 9:56 PM IST

ত্ৰিপুৰা, 10 এপ্ৰিল: ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে শনিবাৰে টিআইপিআৰএ (Tipraha Indigenous Regional Progressive Alliance) য়ে এক ইতিহাস ৰছনা কৰে ৷ নিজাকৈ নিৰ্বাচনী চিহ্ন নথকাকৈয়ে 28 জনীয়া ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰি এই ইতিহাস ৰছনা কৰে ৷

শেহতীয়া তথ্য অনুসৰি দলটোৱে 28 জনীয়া কাউন্সিলৰ 18 আসন লাভ কৰাৰ পৰিৱৰ্তে ইয়াৰ সহযোগী দল আই এন পি টি য়ে 1 খন আসন লাভ কৰে ৷ শাসনাধীষ্ঠ বিজেপিয়ে 8 খন আসন লাভেৰে সন্মানজনক সংখ্যাত সন্তুষ্ট থাকিব লগীয়া হয় ৷

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ৰাইজৰ মাজত প্ৰদ্যুতৰ জনপ্ৰিয়তাই দলটোক এই সফলতা লাভ কৰাত সহায় কৰিলে, কিন্তু সঠিকভাৱে ক'বলৈ গ'লে বেছিভাগ জনজাতীয় ৰাজনৈতিক দল নীৰৱ হৈ থকাৰ সময়ত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দি তেওঁ জনসাধাৰণৰ সমৰ্থন লাভ কৰাত সফল হোৱাৰ লগতে ব্ৰু সকলৰ দশক জোৰা সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ পালন কৰা ভূমিকাইও তেওঁক সমাদৰ লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক প্ৰমাণিত হ'ল ৷

সংবাদ মাধ্যমক তেওঁ জানিবলৈ দিয়া মতে, যিহেতু দলক নেতৃত্ব দিবলৈ কোনো নাই, সেয়ে নিৰ্বাচিত কাউন্সিল খনক তেওঁ মুখ্য কাৰ্যবাহী সদস্য হিছাপে নেতৃত্ব দিব ৷ দলীয় কৰ্মী সকলক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে জয় লাভৰ আনন্দত সংযম নেহেৰুৱাবলৈও তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক: টিটিএএডিচি নিৰ্বাচনঃ জয়ৰ দিশে অগ্ৰগতি টি আই পি আৰ এৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.