ETV Bharat / bharat

টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

author img

By

Published : Apr 28, 2021, 7:44 AM IST

বিজেপিৰ নিৰ্বাচিত সদস্যক কাৰ্যালয় ত্যাগ কৰিবলৈ বাধ্য কৰালে টিপ্ৰাৰ সমৰ্থকে ৷ মুংগিয়াকামি খণ্ড কাৰ্যালয় ঘেৰাও কৰি নিৰ্বাচিত উপাধ্যক্ষ আৰু অধ্যক্ষক বলপূৰ্বকভাৱে ৰাজহুৱাকৈ কাৰ্যালয় এৰিবলৈ হেঁচা প্ৰয়োগ টিপ্ৰাৰ সমৰ্থকৰ ৷

tipra supporters forced bjp elected members to leave mungiakami block office
টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

নেশ্যনেল ডেস্ক,28 এপ্ৰিল: প্ৰদ্যুত কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিপ্ৰা মথাৰ সমৰ্থকসকলৰ কাৰ্য-কলাপৰ ফলত বুধবাৰে মুংগিয়াকামি খণ্ড কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ টিপ্ৰা মথাৰ সমৰ্থকসকলৰ বিৰুদ্ধে বিজেপি নিৰ্বাচিত সদস্যসকলক কাৰ্যালয় এৰিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে টিপ্ৰা মথাৰ সমৰ্থক সকলে মুংগিয়াকামি খণ্ড কাৰ্যালয় ঘেৰি ধৰি নিৰ্বাচিত উপাধ্যক্ষ আৰু অধ্যক্ষক বলপূৰ্বকভাৱে ৰাজহুৱাকৈ কাৰ্যালয় এৰিবলৈ হেঁচা প্ৰয়োগ কৰে ৷

বিজেপিয়ে অভিযোগ কৰে যে, টিটিএএডিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে দলটোৱে টিটিএএডিচি অঞ্চলৰ অন্তৰ্গত গাঁও পৰিষদসমূহৰ নিয়ন্ত্ৰণ কাঢ়ি লোৱাৰ বাবে ব্যাকুল হৈ পৰিছে ৷ অভিযোগ অনুসৰি, টিপ্ৰা মথাৰ উশৃংখল সমৰ্থকসকলে নিৰ্বাচিত অধ্যক্ষ আৰু উপাধ্যক্ষৰ কাৰ্যালয়ৰ কোঠাত প্ৰৱেশ কৰাৰ লগতে কাৰ্যালয় এলেকাটো ঘেৰাও কৰি তেওঁলোকৰ প্ৰতিনিধি কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচতহে ৰাইজক কাৰ্যালয়লৈ বুলি আহিবলৈ আহ্বান জনায় ৷

এই কাৰ্যৰ পাচতে তেওঁলোকে কাৰ্যালয়ৰ বিষয়াসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীৰ ফটোৰ পৰিৱৰ্তে প্ৰদ্যুত মানিক্যৰ ফটো আঁৰিবলৈ আহ্বান জনায় ৷ তেওঁলোকৰ মতে, প্ৰদ্যুত মানিক্যই হৈছে এডিচিৰ একমাত্ৰ নেতা ৷

টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ উত্থাপন কৰি মুংগিয়াকামি খণ্ডৰ বিজেপিৰ উপাধ্যক্ষ বিকাশ দেৱবৰ্মাই কয় যে, "তেওঁলোকে এইয়া তেওঁলোকৰ প্ৰথম সতৰ্কবাণী বুলি স্পষ্টভাৱে উল্লেখ কৰিছে ৷ তেওঁলোকে ত্ৰিপুৰা চৰকাৰৰ অধীনত চলি থকা টিটিএএডিচি অঞ্চলৰ প্ৰতিটো কাৰ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰে। মোৰ লগতে মোৰ অধ্যক্ষৰ ওপৰত যথেষ্ট উৎপীড়ন আৰু হাৰাশাস্তি চলোৱা হৈছিল ৷ ভাবুকি প্ৰদৰ্শন কৰি আমাক চকী এৰি যাবৰ বাবে বাধ্য কৰোৱা হৈছিল ৷ "

লগতে পঢ়ক: আগৰতলাৰ জনবহুল বজাৰসমূহ মুকলি স্থানলৈ স্থানান্তৰ কৰা হ'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.