ETV Bharat / bharat

ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন - ত্ৰিপুৰাৰ উজ্জয়ন্তা পেলেচ

অৱশেষত ৰাজনীতিৰ পথাৰত মিত্ৰতাৰ এনাজৰীৰে বান্ধ খালে টিআইপিআৰএ আৰু আইএনপিটি । কেইবাখনো বৈঠকৰ অন্তত দল দুটাই এই সিদ্ধান্ত গ্ৰহণ কৰে । ত্ৰিপুৰাৰ উজ্জয়ন্তা পেলেচত সম্বোধন কৰা এক সংবাদমেলত এই কথা প্ৰকাশ কৰে দুয়োটা দলৰ নেতৃত্বই ।

ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন
ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন
author img

By

Published : Mar 9, 2021, 6:59 PM IST

নেশ্যনেল ডেস্ক,৯ মাৰ্চ: সোমবাৰে সন্ধিয়া মিত্ৰতাৰ সম্পৰ্কত মোহৰ লগালে নৱগঠিত ৰাজনৈতিক দল টিআইপিআৰএ আৰু পুৰণি আঞ্চলিক ৰাজনৈতিক দল আইএনপিটিয়ে । দুয়োটা দলৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ পিছত মিত্ৰজোঁট গঠন কৰে । আনহাতে, টিআইপিআৰএ আৰু আইএনপিটিৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰাৰ এঘণ্টাৰ ভিতৰতে চাওমানু সমষ্টিত পৃথক প্ৰাৰ্থী প্ৰদান কৰে । এটা দলেও ইয়াৰ কাৰণ স্পষ্ট কৰা নাই যদিও তেওঁলোকে মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰা পৰিলক্ষিত হৈছে ।

ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন
ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন

প্ৰাৰ্থী ঘোষণা কৰাৰ পূৰ্বে, বিজয় কুমাৰ ৰংঘকৱাল আৰু জগদীশ দেৱবাৰ্মাকে ধৰি আইএনপিটি নেতাসকলে উজ্জয়ন্তা পেলেচত এক যুটীয়া সংবাদমেল সম্বোধন কৰে । টিআইপিআৰএ-ৰ প্ৰধান প্ৰদ্যুৎ কিশোৰ দেৱবাৰ্মাই কয় যে, ৯৯ শতাংশ আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈছে আৰু বিনা চৰ্তে দুয়োটা দলৰ মাজত ৰাজনৈতিক মিত্ৰতা স্থাপন হৈছে । শীঘ্ৰেই যৌথ ইস্তাহাৰ মুকলি কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক তাচ্ছিল্য কৰি ধন্যবাদ জনাই কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বাবেই সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈছে আৰু প্ৰথমবাৰৰ বাবে সকলোৱে একেলগে নিৰ্বাচনত যুঁজ দিব । সংবাদমেল সম্বোধন কৰাৰ এঘণ্টাৰ ভিতৰত, টিআইপিআৰএ-ৰ মুখপাত্ৰ এন্থনী দেৱবাৰ্মাই ১৭ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে । বাকী প্ৰাৰ্থীসকলৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ।

ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন
ত্ৰিপুৰাত TIPRA আৰু INPTৰ মিত্ৰজোঁট গঠন

অনিমেশ দেৱবাৰ্মাক কুলাই চম্পাহাউৰ সমষ্টিৰ পৰা দলটোৱে মনোনীত কৰিছিল । পিছত, এক পৃথক সংবাদমেলত, আইএনপিটিই পাঁচখন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে । আইএনপিটি প্ৰধান বিজয় কুমাৰ ৰংঘকৱাল চাওমানু সমষ্টি, কৰমচেৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । সাধাৰণ সম্পাদক জগদীশ দেৱবাৰ্মাই জিৰানিয়াৰ পৰা আৰু দলৰ সহকাৰী সাধাৰণ সম্পাদক উমাশংকৰ দেৱবাৰ্মাই গোলাঘাট সমষ্টি আৰু চিডব্লিউচিৰ সদস্য ধন সিং ত্ৰিপুৰাই চিলাচাৰী মনু বাংকুল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক: নদী সংযোগীকৰণে দেশৰ উন্নয়নত এক অনন্য গতি প্ৰদান কৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.