বৰ্তমান সময়ত পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ লোকসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে । শেহতীয়াকৈ ঘৰুৱা ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহৃত সামগ্ৰী তেল, দাইল আৰু মাহজাতীয় শস্যসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে গৃহিণীৰ চকুত পানী আনি দিছে আৰু ইয়াৰ লগতে ঘৰৰ খৰচৰ হিচাপৰ ওপৰতো পেলাইছে প্ৰভাৱ ।
যদিও চৰকাৰে উল্লেখ কৰিছে যে, যোৱাটো বছৰৰ অক্টোবৰ মাহৰ মূল্য তালিকাখনতকৈ এইটো বছৰৰ মূল্য তালিকাখনত সামগ্ৰীৰ মূল্য কমিছে । তথাপি এইটোৱেই প্ৰকৃত সত্য যে, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বহুগুণে বৃদ্ধি কৰিছে । ৰন্ধনত ব্যৱহৃত খোৱাতেলৰ মূল্য আৰু দাইলৰ মূল্যই ইতিমধ্যে ১০০ ৰ ঘৰ অতিক্ৰম কৰিছে ।
মন কৰিব লগীয়া যে, যোৱা এটা মাহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৩৭ শতাংশলৈকে বৃদ্ধি পাইছে । বিশেষকৈ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে খোৱা তেলৰ ওপৰত আৰোপ কৰা আমদানি শুল্ক উঠাই লোৱা কাৰ্য বন্ধ কৰিবলৈ বাধ্য কৰিছে; ফলত এটা মাহতে পূৰ্বৰ মূল্যৰ তুলনাত বৰ্তমান ৩৫ শতাংশ মূল্য বৃদ্ধি কৰিবলগা হৈছে ।
শেহতীয়াকৈ ম্যানমাৰত হোৱা ৰাজনৈতিক অস্থিৰতাইও আমাৰ দেশত দাইলৰ আমদানিৰ ওপৰত অতি মাত্ৰা প্ৰভাৱ পেলাইছে । ইয়াৰ ফলত ঘৰতে তৈয়াৰ কৰা ইডলি আৰু দোচাৰ মূল্যবৃদ্ধি হৈছে । উল্লেখ্য যে, ভাৰতত ব্যৱহৃত খোৱাতেলৰ ৭০ শতাংশতকৈয়ো অধিক বাহিৰৰ দেশৰ পৰা আমদানি কৰা হয় । এইক্ষেত্ৰত আমাৰ দেশ অধিক পৰিমাণে অন্য দেশৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছে ।
এনে হোৱাৰ কাৰণে এতিয়া আমাৰ দেশে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ পাম তেলৰ বাগিচাত বনুৱাৰ অভাৱৰ বাবেও অধিক খৰচ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে আৰ্জেণ্টিনাত কৰা চয়া খেতিৰ এই সময়চোৱাত হোৱা খৰাং বতৰেও ভাৰতৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে । আনফালে ইউক্ৰেইনৰ সূৰ্যমুখী ফুলৰ খেতিৰ উৎপাদন হ্ৰাসে ভাৰতৰ খোৱাতেলৰ আমদানিৰ ওপৰত প্ৰভাৱ পেলাইছে ।
আমেৰিকাৰ পাছতেই ভাৰতেও বাহিৰৰ দেশত কৰা খেতিৰ বাবে জনাজাত । তথাপিও আমাৰ দেশ খোৱাতেল আৰু মাহ জাতীয় শস্যৰ বাবে কিছুমান সৰু সৰু দেশৰ ওপৰত নিৰ্ভৰশীল । অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত ভাৰত আন দেশৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱাটোৱে বিশেষকৈ খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত পৰিপন্থী ভূমিকা গ্ৰহণ কৰাহে দেখা গৈছে ।
আন এক গুৰুত্বপূৰ্ণ কথা যে, দেশত প্ৰয়োজন হোৱা ৮০ শতাংশ খাৰুৱা তেল ভাৰতে অন্য দেশৰ পৰা আমদানি কৰে । এই খাৰুৱা তেলৰ আমদানিৰ বিষয়টো প্ৰাকৃতিক সমস্যাৰ সৈতেও জড়িত ; কিন্তু খাদ্য শস্যৰ আমদানিৰ ক্ষেত্ৰত কথাটো কিছু সুকীয়া হয় । কিয়নো ভাৰত এখন কৃষি প্ৰধান দেশ আৰু ভাৰতৰ কৃষকৰ পথাৰত সোণ উৎপাদন কৰিব পৰা ক্ষমতাও আছে ।
১৯৬১ চনত খোৱা তেলৰ ক্ষেত্ৰত বিশ্বৰ তুলনাত ভাৰতৰ আমদানি আছিল ০.৯ শতাংশ । ২০১৯ চনলৈ এয়া ১২ শতাংশলৈ বৃদ্ধি পায় । খোৱা তেলৰ আমদানিৰ বাবে ভাৰতে ৬৫ হাজাৰৰ পৰা ৭০ হাজাৰ কোটি টকা ব্যয় কৰাৰ কথা উল্লেখ কৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, এই টকা প্ৰকৃততে ভাৰতৰ কৃষকে পাব লাগে । লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি আইনৰ কথা উল্লেখ কৰি কয় যে, কৃষি আইন সমূহ ভাৰতৰ কৃষি খণ্ডক অধিক উৎপাদনশীল কৰাৰ বাবেহে লোৱা হৈছে । তেতিয়াই আমাৰ দেশৰ কৃষক সকলে প্ৰধান মন্ত্ৰীৰ এই ভাষ্যক বিশ্বাসত ল'ব পৰা নাই ।
কেন্দ্ৰই যেতিয়া উল্লেখ কৰিলে যে, ১.১৫ লাখ কোটি টকা ১০.৭৫ কোটি কৃষকক তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে দিয়া হৈছে । ইফালে কৃষক সকলে কিন্তু তেনে ধৰণৰ সুবিধা বিচৰা নাছিল। কৃষক সকলে মাথোঁ বিচাৰিছিল, বছৰৰ মূৰত তেওঁলোকৰ উৎপাদনৰ বাবে এক সামান্য অৰ্থাৎ ন্যূনতম মূল্য । বহু সংখ্যক কৃষকে ইতিমধ্যে কৃষি কৰ্মত হোৱা লোকচানৰ বাবে এই কৰ্মকে বাদ দিব লগীয়া হৈছে । সেয়ে খেতি পথাৰসমূহ বিশেষকৈ চহৰৰ আশে পাশে থকা পথাৰসমূহ লাহে লাহে আৱাসিক প্ৰকল্পলৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে ।
ভাৰতে খাদ্য উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হোৱাৰ যি ভুৱা সন্তুষ্টি লৈ আহিছে, তাৰ পৰা আমি ওলাই অহা উচিত । এতিয়া সময় আহি পৰিছে, য'ত চৰকাৰে কৃষকসকলক সহায়ৰ হাত আগবঢ়াই কৃষি ক্ষেত্ৰৰ উন্নয়ন সাধনৰ পৰিকল্পনা কৰক । ভাৰতৰ নিচিনা এক বিশাল দেশৰ খাদ্য উৎপাদনৰ ক্ষেত্ৰত অস্থিৰতা সৃষ্টি হ'লে কিন্তু অন্য দেশে সহায় কৰিব নোৱাৰে । গতিকে এয়াই উচিত সময়, য'ত এক ৰাষ্ট্ৰীয় পৰিকল্পনা যুগুতাই খাদ্য উৎপাদনৰ বাবে কৃষকসকলক সহায় কৰিব পাৰি । তেনেহ'লেহে আমাৰ দেশে খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হ'ব পাৰিব ।