ETV Bharat / bharat

Time of extreme pain in India : ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীৰ

author img

By

Published : Dec 5, 2021, 7:06 PM IST

আহমদাবাদ বিশ্ববিদ্যালয়ৰ ১১ সংখ্যক সমাৱৰ্তন সভাত ভাৰতৰ অৰ্থনীতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে (Abhijit Banerjee expresses concern about India's economy)। শিক্ষাৰ্থীসকলক কেৰিয়াৰ বাচনিৰ ক্ষেত্ৰত সাৱধান হ'বলৈ আহ্বান ।

Indian Economy
ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীৰ

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : গুজৰাটৰ আহমদাবাদ বিশ্ববিদ্যালয়ৰ ১১ সংখ্যক সমাৱৰ্তন সভা শনিবাৰে অনুষ্ঠিত হয় (11th Annual convocation of Ahmedabad University) । অনলাইন মাধ্যমত অনুষ্ঠিত সমাৱৰ্তন সভাৰ মুখ্য অতিথি আছিল নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জী । এই অনুষ্ঠানতে ভাৰতৰ অৰ্থনীতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে অৰ্থনীতিবিদগৰাকীয়ে (Abhijit Banerjee expresses concern about India's economy)।

তেওঁৰ মতে দেশবাসী এতিয়াও চৰম হতাশাত ভুগি আছে । কাৰণ দেশৰ অৰ্থনীতি এতিয়া ২০১৯ চনৰ তুলনাত বহু তলত আছে (Indian economy is still below the 2019 levels) । তেওঁ শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণ কৰিছিল । সেই সময়ৰ তেওঁৰ অভিজ্ঞতা সম্পৰ্কে শিক্ষাৰ্থীসকলক অৱগত কৰে ।

তেওঁৰ মতে মানুহৰ আশা আকাংক্ষাবোৰো পূৰ্বৰ দৰে নাই । বহুতৰে ডাঙৰ সপোনবোৰ ভাগি যোৱাৰ পাছত এতিয়া সৰু সৰু সপোন দেখিবলৈ আৰম্ভ কৰিছে । অৱশ্যে তেওঁ ইয়াৰ বাবে কাকো দোষাৰোপ কৰা নাই ।

দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাৰ বিষয়ে কোৱাৰ লগতে অৰ্থনীতিবিদগৰাকীয়ে শিক্ষাৰ্থীসকলক কেৰিয়াৰ সম্পৰ্কেও বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । শিক্ষাৰ্থীসকলক তেওঁলোকৰ কেৰিয়াৰৰ পথ বাচনি কৰাৰ ক্ষেত্ৰত পৰিয়াল বা সমাজৰ চাপৰ সন্মুখীন নহ'বলৈ আহ্বান জনায় অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে । শিক্ষাৰ্থীসকলে জীৱনত যি কৰিব বিচাৰে সেয়া সাহসেৰে কৰিবলৈও তেওঁ আহ্বান জনায় ।

পুৰণি স্মৃতি সুঁৱৰি তেওঁ কয় যে, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (JNU) ছাত্ৰ কালত তেওঁ তিহাৰ কাৰাগাৰত ১০ দিন অতিবাহিত কৰিবলগীয়া হৈছিল । JNU এৰি হাৰ্ভাডলৈ যোৱাৰ পূৰ্বে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰতিবাদত অংশ লৈছিল যাৰ বাবে তেওঁ জেললৈ যাবলগীয়া হৈছিল । আনকি জেলৰ পৰা ওলাই অহাৰ পাছত বহু জ্যেষ্ঠ লোকে তেওঁক কৈছিল যে, তেওঁ এই ঘটনাক লৈ অনুশোচনা কৰা উচিত । কিয়নো ইয়াৰ দ্বাৰা তেওঁ নিজৰ কেৰিয়াৰ নষ্ট কৰিছে আৰু হাৰ্ভাড বা আমেৰিকাই তেওঁক আদৰি নলয় বুলিও সেইসময়ত বহুতে সন্দেহ কৰিছিল ।

কেৰিয়াৰ বাচনিৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞা বৰ্ণনা কৰি বেনাৰ্জীয়ে কয় যে ভাৰতৰ দুগৰাকী মহান চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু শ্যাম বেনেগল অৰ্থনীতিৰ স্নাতক আছিল । কিন্তু তেওঁলোকে এক পৃথক কেৰিয়া বাচনি কৰিছিল । তথাপিও, তেওঁলোক জীৱনত সফল হৈছে ।

সেয়েহে শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট প্ৰশিক্ষণৰ পৰিৱৰ্তে, এগৰাকী চিন্তাশীল বা হৃদয়বান মানুহ হ'বলৈ তেওঁ আহ্বান জনায় । উল্লেখ্য যে সমাৱৰ্তনত ব্যক্তিগত বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী ডক্টৰেট শিক্ষাৰ্থীসহ ৮৩৩ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয় ।

লগতে পঢ়ক :ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.