নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী: সোমবাৰে সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ দিনটোত কৃষক নেতা ৰাকেশ টিকাইটে কৃষকৰ বিভিন্ন সমস্যা সমূহক সামৰি এক পৃথক বাজেট উত্থাপন কৰিবলৈ চৰকাৰক দাবী জনায় ৷ তদুপৰি কৃষকসকলৰ ঋণ ৰেহাই দিবলৈ অনুৰোধ জনাই চৰকাৰক ৷ টিকাইটে গাজীপুৰ সীমান্তত উপস্থিত হৈ এই দাবী উত্থাপন কৰে, য’ত বিগত দুমাহ ধৰি কৃষকসকলে অৱস্থান কৰি নতুন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে ৷
ইয়াৰোপৰি কৃষকসকলক বিনামূলীয়া বিদ্যুত সেৱা যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ মহাত্মা গান্ধী ৰোজগাৰ গ্যাৰেণ্টী অধিনিয়মৰ অধীনত কৃষকসকলৰ বাবে এক সুকীয়া গোট গঠন কৰি নিয়মীয়াকৈ সাহায্য প্ৰদানৰ দাবী তোলে কৃষক নেতাগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ উল্লেখ কৰি টিকাইটে কয় যে, এই আঁচনিৰ উদ্দেশ্য হৈছে ভূমি থকা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা ৷ গতিকে এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য একত্ৰিত কৰিব পৰা যায় ৷ এই আঁচনিৰ অধীনত 2 হেক্টৰ ভূমিযুক্ত কৃষকসকলক তিনিটা কিস্তিত 6,000 টকাৰ সাহায্য চৰকাৰে আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল ৷
কৃষক নেতাগৰাকীৰ মতে, কেৱল শস্যৰ মূল্য বৃদ্ধি কৰিলেই কৃষকৰ উন্নতি সাধন নহয় ৷ কৃষকসকলক বিদ্যুত আৰু পানীৰ সুব্যৱস্থা কৰি দিব পাৰিলেহে প্ৰকৃতাৰ্থত কৃষকসকলৰ উন্নতি হ’ব বুলি নেতাগৰাকীয়ে প্ৰকাশ কৰে ৷ তেওঁ কয় যে, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু বিহাৰত কৃষকসকলে পৃথক পৃথক পানী আৰু বিজুলীৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে ৷ তেনেস্থলত শস্যৰ মূল্য কিন্তু একেখিনিয়ে লাভ কৰি আহিছে ৷
ভাৰতীয় কৃষক সংগঠনৰ নেতাগৰাকীয়ে কৃষিখণ্ডটোক কৰমুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক : গুৱাহাটী জিএছ ৰোডত সোমবাৰে মুকলি হ'ল দুখনকৈ পদপথ সেঁতু