ETV Bharat / bharat

Stampede at Chandrababu Naidu programme: চন্দ্ৰবাবু নাইডুৰ সভাত পদপিষ্ট হৈ 3 জনৰ মৃত্যু - undefined

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সভাত পুনৰ অঘটন(TDP chief Chandrababu programme) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সভাত পদদলিত হৈ নিহত তিনিগৰাকী মহিলা ৷ আহত আন পাঁচজন লোকক চিকিৎসালয়ত ভৰ্তি ৷

Three women died in a stampede at TDP chief Chandrababu programme
প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সভাত পদদলিত হৈ 3 জনৰ মৃত্যু
author img

By

Published : Jan 1, 2023, 11:03 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ সভাত পদদলিত হৈ 3 জনৰ মৃত্যু

নিউজ ডেস্ক, 1 জানুৱাৰী: অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাত টিডিপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ ৰাজহুৱা সভাত দেওবাৰে সংঘটিত হয় এক অঘটন ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সভাত হঠাতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাত পদদলিত হৈ নিহত হয় তিনিগৰাকী মহিলা ৷ গুন্টুৰ জিলাত আয়োজিত মুখ্যমন্ত্ৰীগৰাকীৰ উপহাৰ বিতৰণ কাৰ্যসূচীৰ মাজত সংঘটিত হয় এই ঘটনা(TDP chief Chandrababu programme) ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু যোৱাৰ পিছত হঠাতে সভাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত ঘটনাস্থলীত পদদলিত হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ৷ তেওঁলোকক ততাতৈয়াকৈ গুন্টুৰ জিজিএইচ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ কিন্তু চিকিৎসালয়তে দুয়োৰে মৃত্যু হয় ৷

ইফালে এই ঘটনাৰ পাছতেই টিডিপি নেতাসকলে উপহাৰ বিতৰণ কাৰ্যসূচী বন্ধ কৰে ৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে, উপহাৰ বিতৰণৰ সময়ত লোকসকলে দৌৰাদৌৰিকৈ মঞ্চৰ ফালে দৌৰি অহাৰ বাবে টিডিপি নেতা আৰু কৰ্মীসকলে লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হৈছিল ৷

ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গুন্টুৰৰ ডিএছপিয়ে কয় যে, উপহাৰ বিতৰণৰ বাবে ২৪ টা কাউণ্টাৰ স্থাপন কৰা হৈছিল । মানুহে উপহাৰ ল’বলৈ উথপথপ লগাইছিল ৷ ফলত ৪ টা কাউণ্টাৰ আগতেই ভাঙি পৰিছিল । ইফালে এই ঘটনাত আন পাঁচজন লোক আহত হৈছে ৷ তেওঁলোকক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

লগতে পঢ়ক: Brahmaputra Carnival 2023: অসমৰ বৃহত্তৰ স্বাৰ্থত জিলাৰ বিলুপ্তি ঘটোৱা হৈছে: মুখ্যমন্ত্রী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.