নেশ্যনেল ডেস্ক,২৯ মাৰ্চ: বন্দীপুৰ টাইগাৰ ৰিজাৰ্ভৰ হেদিয়ালা মহকুমাৰ নুগু বন্যপ্ৰাণী অভয়াৰণ্যত দেওবাৰে দুপৰীয়া তিনিটা বাঘৰ পোৱালী পৰিলক্ষিত হৈছিল । তাৰে দুটাৰ মহীশূৰ চিৰিয়াখানাত মৃত্যু হয় । মৃত বাঘৰ পোৱালীকেইটাক এইদৰে দেখি বন বিভাগৰ লোকে বন বিষয়া অৱগত কৰে ।
ইফালে, পোৱালীকেইটাৰ মাতৃৰ সন্ধানত কেমেৰা স্থাপন কৰি সন্ধান অব্যাহত ৰাখিছে বন বিভাগৰ লোকে । মৃত পোৱালীকেইটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে মহীশূৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় । অতিপাত ভোকৰ ফলতে পোৱালিকেইটাৰ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত প্ৰকাশ পায় ।
লগতে পঢ়ক: মুছলমান সাহিত্যিকে উৰ্দুলৈ অনুবাদ কৰিলে 'ৰাম কথা'