ETV Bharat / bharat

Govt School in Uttarakhand: অসমৰ লগত সমানে ফেৰ মাৰিছে উত্তৰাখণ্ডৰ "ৰাজকীয়" চৰকাৰী বিদ্যালয়ে

কেৱল অসমতেই নহয়, উত্তৰাখণ্ডতো শিক্ষক-শিক্ষাৰ্থীৰ নিমিলা অংক দেখা গৈছে ৷ অসমৰ দৰেই বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ চৰকাৰী বিদ্যালয়ৰ শোচনীয় ৰূপ পোহৰলৈ আহিছে ৷ এগৰাকী শিক্ষাৰ্থীকেই পাঠদান কৰি আছে তিনিগৰাকী শিক্ষাগুৰুৱে (Lack of Student in Govt School)৷

author img

By

Published : Dec 25, 2022, 7:56 PM IST

Lack of Student in Govt School
এগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী

নিউজ ডেস্ক, 25 ডিচেম্বৰ: কোনো এখন বিদ্যালয়ত যদি শিক্ষক এজন আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহু, আন কোনো এখনত আকৌ শিক্ষকৰ সংখ্যা বহুত আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 1-2 গৰাকী ৷ এজনীয়া শিক্ষকেৰে চলি আছে অসমৰ ২৯৭৯ খন প্ৰাৰ্থমিক বিদ্যালয়, দুজনীয়া শিক্ষকেৰে চলি আছে ১৫১৬১ খন বিদ্যালয় ৷ এয়া অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত ছবি (Lack of Student in Govt School)৷

অসম অকলশৰীয়া নহয় ৷ অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ লগত সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে উত্তৰাখণ্ডৰ চৰকাৰী বিদ্যালয়ে ৷ দুয়োখন বিজেপি শাসিত ৰাজ্যৰ শিক্ষা ব্যৱস্থা এতিয়া সমপৰ্যায়ৰ ৷ অৱশ্যে শিক্ষাৰ গুণগত মানদণ্ডৰ কথা এই প্ৰসংগত ক’বলৈ বিচৰা নাই ৷ ক’বলৈ বিচৰা হৈছে শিক্ষক-শিক্ষাৰ্থীৰ অনুপাতৰ কথা ৷

প্ৰায় একেই ৷ অসমৰ চৰকাৰী বিদ্যালয়ত যিদৰে শিক্ষক থাকিলে ছাত্ৰ-ছাত্ৰী নাথাকে, ছাত্ৰ-ছাত্ৰী থাকিলে শিক্ষক নাথাকে; ঠিক একেদৰে উত্তৰাখণ্ডৰ চৰকাৰী বিদ্যালয়তো এগৰাকী শিক্ষাৰ্থীকে 3 গৰাকী শিক্ষাগুৰুৱে শিক্ষাদান কৰি ভৱিষ্যৎ উজ্বল কৰাত উঠি-পৰি লগা দেখা গৈছে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে উত্তৰাখণ্ডৰ এখন বিদ্যালয়ত চলি থকা "ৰাজকীয়" ঘটনা (Govt School in Uttarakhand)৷

বিদ্যালয়খনৰ নাম ৰাজকীয় জুনিয়ৰ হাইস্কুল ৷ বিদ্যালয়খনখনৰ শিক্ষা ব্যৱস্থাই ছাত্ৰী-ছাত্ৰীক বিদ্যালয় এৰিবলৈ বাধ্য কৰালে ৷ ফলত এতিয়া আছেগৈ মাত্ৰ এগৰাকী ছাত্ৰী ৷ উক্ত ছাত্ৰীগৰাকীকে দুজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰি আছে (Education System in Uttarakhand)৷ ইয়াৰোপৰি উক্ত শিক্ষাৰ্থীগৰাকীৰ বাবেই নিয়োগ কৰা হৈছে এগৰাকী ৰন্ধনকৰ্মী (Three teachers teaching one student in Uttarakhand)৷ মাত্ৰ এগৰাকী ছাত্ৰীৰে চলি থকা উত্তৰাখণ্ডৰ তেহৰী জিলাৰ থাউলধৰ ব্লকৰ চৰকাৰী বিদ্যালয়খন বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷

উল্লেখ্য যে, 2006 চনত অনুমোদন লাভ কৰা বিদ্যালয়খনৰ 2014 চনলৈকে পঞ্চায়ত ভৱনতে পাঠদান-শিক্ষণৰ কাম অব্যাহত আছিল । 2014 চনত নতুন ভৱনটো নিৰ্মাণ হোৱাৰ পাছত নিজা ভৱনতে পাঠদানৰ কাম আৰম্ভ হয় । বিদ্যালয়খনৰ আৰম্ভনিতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ২৩ জন আছিল যদিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ এগৰাকী হৈছেগৈ ৷

অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শোচনীয় অৱস্থাৰ কথা চৌদিশে প্ৰচাৰিত হৈ থকাৰ সময়তে বিজেপি শাসিত আন এজন ৰাজ্য উত্তৰাখণ্ডৰ বিদ্যালয়ৰ এই অৱস্থাই সমগ্ৰ দেশৰে চৰকাৰী বিদ্যালয়ৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ৷ শিক্ষাৰ মানদণ্ডৰ নিম্নগামী নে আন কাৰণত চৰকাৰী বিদ্যালয়ত পাঠগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলে অনীহা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে সেয়া এক লক্ষণীয় বিষয় হিচাবে বিবেচিত হৈছে ৷

লগতে পঢ়ক: Gunotsav2022 Award: এ+গ্ৰেড পোৱা বিদ্যালয়ৰ শিক্ষকৰ চাকৰি হ'ব নিয়মীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.