ETV Bharat / bharat

সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত ম্যানমাৰৰ তিনি আৰক্ষী - মিলিটাৰী জুন্টা

সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত ম্যানমাৰৰ তিনি আৰক্ষী ৷ দেশখনত জৰুৰীকালিন অৱস্থা ঘোষণাৰ পাচতে পলায়ন কৰে তিনিও আৰক্ষী জোৱানে ৷

ছ্যু কী
ছ্যু কী
author img

By

Published : Mar 4, 2021, 10:28 PM IST

Updated : Mar 5, 2021, 12:25 PM IST

আইজল, 4 মাৰ্চ : মিলিটাৰী জুন্টাই ম্যানমাৰৰ শাসনৰ বাঘজৰী দখল কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণাৰ কৰাৰ এমাহৰ পাচতে চুবুৰীয়া দেশখনৰ পৰা তিনি আৰক্ষী জোৱানে পলাই আহি ভাৰতৰ মিজোৰামত আশ্ৰয় লৈছে ৷

বুধবাৰে ম্যানমাৰৰ আৰক্ষী জোৱানকেইজনে ভাৰত সীমান্তত প্ৰৱেশ কৰি মিজোৰামৰ চাৰচীপ জিলাৰ লুংকাউল গাঁৱত আশ্ৰয় লয় ৷

চাৰচীপ জিলাৰ জিলা আয়ুক্ত কুমাৰ অভিষেকৰ মতে, ম্যানমাৰৰ আৰক্ষী জোৱান কেইজনে 3 মাৰ্চত সীমান্ত পাৰ কৰে আৰু দাবী কৰে যে, মিলিটাৰী জুন্টাৰ শাসনৰ পৰা মুক্ত হ'বৰ বাবে তেওঁলোকে পলায়ন কৰিছে ৷

তেওঁলোকৰ পৰিচয় আৰু ম্যানমাৰৰ পৰা পলায়ন কৰাৰ কাৰণ মিজোৰামৰ গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে, 1 ফেব্ৰুৱাৰীৰ দিনা পুৱতি নিশা ম্যানমাৰৰ মিলিটাৰীয়ে দেশখনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল আৰু এজন জেনেৰেলৰ হাতত সমগ্ৰ ক্ষমতা অৰ্পন কৰিছিল ৷ লগতে দেশখনৰ মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে যুঁজ দি অহা নেত্ৰী ছ্যু কী আৰু ৰাষ্ট্ৰপতিক বন্দী কৰা হৈছিল ৷

দেশখনত সুস্থিৰতা বৰ্তাই ৰাখিবৰ বাবে এই পদক্ষেপ জৰুৰী আছিল আৰু যোৱা বছৰ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ সময়ৰ অনিয়মসমূহৰ সমাধান কৰিবলৈ দেশৰ নিৰ্বাচনী আয়োগ অসমৰ্থ হোৱা বুলি অভিযোগ কৰে মিলিটাৰীয়ে ৷

লগতে পঢ়ক : প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ল'লে কৰ'ণা প্ৰতিষেধক

Last Updated : Mar 5, 2021, 12:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.