ETV Bharat / bharat

Boat Accident in UP: চুমলী নদীত নাও দুৰ্ঘটনা, দুটি শিশুসহ তিনিজন লোকৰ মৃত্যু

মঙলবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাঁকীৰ চুমলী নদীত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat Accident in UP) ৷ সেই সময়ত যাত্ৰীবাহী নাওখনত আছিল ২০ গৰাকী যাত্ৰী ৷ হঠাৎ নাওখন ডুব যোৱাৰ ফলত দুটি শিশুসহ তিনিজন লোকৰ মৃত্যু হয় (Boat carrying 20 people capsizes) ।

author img

By

Published : Nov 8, 2022, 10:57 PM IST

Three drown after boat carrying 20 people capsizes in UP
চুমলী নদীত নাও দুৰ্ঘটনা, দুটি শিশুসহ তিনিজন লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: মঙলবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাঁকীৰ চুমলী নদীত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat Accident in UP) ৷ সেই সময়ত যাত্ৰীবাহী নাওখনত আছিল ২০ গৰাকী যাত্ৰী ৷ হঠাৎ নাওখন ডুব যোৱাৰ ফলত দুটি শিশুসহ তিনিজন লোকৰ মৃত্যু হয় (Boat carrying 20 people capsizes) ।

নিহত কেইজন প্ৰিয়ংকা (৫), হিমাংশু (৮) আৰু ঋতু যাদৱ (১৮) বুলি জানিবলৈ দিয়ে । বাকী কেইগৰাকীৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ ইফালে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিকভাৱে সহায় কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে ।

মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতেই জিলা দণ্ডাধীশ অবিনাশ কুমাৰে দুৰ্যোগ পুঁজিৰ পৰা মৃতকৰ ওচৰ-চুবুৰীয়াক ৪ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে । আনহাতে ১৩ জন লোক সাঁতুৰি নিৰাপদ স্থানলৈ যোৱাৰ বিপৰীতে বাকী লোকক নদীৰ পৰা উদ্ধাৰ কৰা হয় । ইয়াৰে তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

নদীৰ সিপাৰৰ এখন গাঁৱত আয়োজিত মল্লযুঁজৰ পৰা উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগৰ ন’ডেল বিষয়া ডাঃ সুনীল ৰাৱাট ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

লগতে পঢ়ক: নাইজেৰিয়াত শোকাৱহ ঘটনা: নাও দুৰ্ঘটনাত নিহত ৭৬ গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.