নেশ্যনেল ডেস্ক, 24 জুলাই: অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰৰ সমীপত দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road Accident in Andhra Pradesh) ৷ গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ গৈ থকাৰ সময়তে আৰক্ষী জোৱানৰ ইনোভা বাহন চিট্টুৰ আণ্ডাৰপাছৰ সমীপৰ ৰোড ডিভাইডাৰত খুন্দা মাৰে । ফলত তিনিজন আৰক্ষী জোৱান নিহত হোৱাৰ লগতে আহত হয় দুজন (Police Officer died in Road Accident)।
বেংগালুৰুস্থিত শিৱাজীনগৰ আৰক্ষী থানাত নিয়োজিত হৈ আছিল আৰক্ষী জোৱানকেইজন (Shivajinagar Police Station in Bengaluru)। শিৱাজীনগৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক অবিনাশ (২৯)(PSI Avinash), কনিষ্টবল অনিল মূলিক (Constable Anil Mulik) আৰু বাহনৰ চালকজন মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । গুৰুতৰভাৱে আহত হোৱা প্ৰবেচনেৰী উপ-পৰিদৰ্শক দীক্ষিত আৰু কনিষ্টবল শৰণাবসৱ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে, উপ পৰিদৰ্শক অবিনাশৰ নেতৃত্বত আৰক্ষীৰ এটা দল শনিবাৰে অন্ধ্ৰ প্ৰদেশ চিট্টুৰৰ পৰা তিৰুপতিলৈ গৈছিল ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ । তাৰ পিছতেই সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো ৷
লগতে পঢ়ক: Tourist bus falls into gorge in Gujarat: যাত্ৰীবাহী বাছ বাগৰি মৃত্যু দুজনৰ, আহত ৪৬ জন