নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ বিজয়ক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । তিনিওখন ৰাজ্যক ভোটাৰসকলক এই সমৰ্থনৰ বাবে তেওঁ ধন্যবাদো জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে দলৰ মুখ্য কাৰ্যালয়ত বিজেপি কৰ্মীসকলক সম্বোধন কৰি কয় যে আজি সবকা সাথ সবকা বিকাশ অনুভৱৰ বিজয় হৈছে ।
তেওঁৰ মতে এই বিজয় হৈছে স্বাৱলম্বিতা, সৎ, স্বচ্ছতা, সুশাসনৰ বিজয় । প্ৰধানমন্ত্ৰীৰ মতে মহিলা, যুৱ, কৃষক আৰু দৰিদ্ৰৰ সৱলীকৰণ দেশক শক্তিশালী কৰিব পাৰিব । প্ৰতিগৰাকী মহিলাই এই বিজয়ত তেওঁলোকৰ বিজয় দেখিছে । প্ৰতিগৰাকী নাগৰিকে এই জয়ক সফলতা হিচাপে দেখিছে । এই বিজয়ৰ বাবে তেওঁ দেশৰ মহিলাসকলক অভিনন্দন জনায় । তেওঁৰ মতে মহিলাসকলে বিজেপিক আশীৰ্বাদ দিছে । তেওঁ মহিলাসকলক উদ্দেশ্যি কয় যে বিজেপিয়ে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব । এয়া মোদীৰ গ্যেৰাণ্টি বুলিও তেওঁ উল্লেখ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে দেশৰ যুৱক-যুৱতীসকলে কেৱল উন্নয়ন বিচাৰে । যিয়ে তেওঁলোকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছে তেওঁলোকক বহিষ্কাৰ কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰে । প্ৰশ্নকাকত ফাদিল আৰু নিযুক্তি কেলেংকাৰীক লৈ যুৱক-যুৱতীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে । যাৰ ফলত ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত চৰকাৰসমূহক বহিষ্কাৰ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাবাসীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি কয় যে বিজেপিয়ে তেওঁলোকৰ বাবে কাম কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নকৰে । তেওঁ লগতে ব্যংগাত্মক সুৰত কয় যে কিছুমান লোকে কৈছে যে আজিৰ হেট্ৰিকে ২০২৪ চনৰ লোকসভা নিৰ্বাচন হেট্ৰিকৰ নিশ্চয়তা প্ৰদান কৰিছে ।
বিৰোধী মিত্ৰজোঁটক লক্ষ্য কৰি তেওঁ কয় যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা দুৰ্নীতি বিৰোধী অভিযানক ৰাইজে সমৰ্থন জনাইছে । এই ফলাফলবোৰ কংগ্ৰেছ আৰু 'অহংকাৰ'ৰ বাবে এক ডাঙৰ শিক্ষা বুলি তেওঁ অভিহিত কৰে । বিজেপিৰ তিনিখন ৰাজ্যত জয় লাভৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী সন্ধিয়া ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় বিজয় উদযাপনত অংশগ্ৰহণ কৰে । ইফালে প্ৰধানমন্ত্ৰীক বিজেপিৰ সভাপতি জে পি নাড্ডাই আদৰণি জনায় ।
অনুষ্ঠানটোত বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, স্মৃতি ইৰাণী, অনুৰাগ ঠাকুৰ, পীযুষ গোৱেল আৰু বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে । জে পি নাড্ডাই দলৰ কৰ্মীসকলক সম্বোধন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে এক সুন্দৰ বিজয় সাব্যস্ত কৰিছে ।
প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰি তেওঁ কয় যে দেশত মাত্ৰ এটা গ্যেৰাণ্টি আছে আৰু সেয়া হৈছে মোদী গ্যেৰাণ্টি । দেশখনে উন্নয়নক সমৰ্থন কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে ।
লগতে পঢ়ক :চন্দ্ৰশেখৰৰ ছন্দ পতন: মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ