ETV Bharat / bharat

বজাৰত ওলাইছে QR code যুক্ত ৰাখী - ৰাখী বন্ধন

বজাৰত উপলব্ধ হৈছে QR code সম্মিলিত ৰাখী ৷ আগন্তুক ৰাখী পূৰ্ণিমা উপলক্ষে প্ৰস্তুত কৰি তোলা হৈছে ভাতৃ-ভগ্নীৰ মিলনৰ প্ৰতীক এই ৰাখী ৷

Raksha Bandhan
মহামাৰীৰ সময়তে বজাৰত ওলাইছে QR code ৰাখী
author img

By

Published : Aug 12, 2021, 12:29 PM IST

নেশ্যনেল ডেস্ক, ১২ আগষ্ট : গুজৰাটৰ এগৰাকী আৰ্কিটেকৰ নতুন উদ্ভাৱন । আগন্তুক ৰাখী বন্ধনৰ (Raksha Bandhan) বাবে ব্যক্তিগৰাকীয়ে উদ্ভাৱন কৰিছে এবিধ বিশেষ ৰাখী । আৰ্কিটেক আয়ুশী দেশাইয়ে কিউ আৰ কোড (QR code) ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে বিশেষ ৰাখীটো । ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে যিহেতু সুৰক্ষাক প্ৰাথমিকতা দিয়া হৈছে ।

সেয়ে ব্যক্তিগৰাকীয়ে নিৰ্মাণ কৰিছে এই কিউ আৰ কোড সম্মলিত ৰাখী । ভাতৃসকলক ৰাখী বন্ধনৰ শুভেচ্ছা জনোৱাৰ এক নতুন ধাৰণা । এক প্ৰকাৰ ডিজিটেল ৰূপ দিয়া হৈছে ৰাখীটোক । কিন্তু বিশেষত্ব কি এই ৰাখীৰ ।

QR code সম্মলিত এই ৰাখীটো ম'বাইল অথবা কম্পিউটাৰত স্কেন কৰিলে ভাতৃসকলক এক বিশেষ বাৰ্তা দিব অথবা ভগ্নীয়ে ভাতৃলৈ উৎসৰ্গিত কৰা এটা গান বাজি উঠিব । আয়ুশীয়ে জনোৱা মতে বৰ্তমান বিভিন্ন অনলাইন পৰিশোধ (Online payment) অথবা প্ৰতিষেধক প্ৰমাণপত্ৰ বিচাৰিবলৈ এই কিউ আৰ কোড ব্যৱহাৰ কৰা হয় । ডিজিটেল যুগত কিউ আৰ কোড অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে ।

সেয়ে তেওঁ কিউ আৰ কোড ব্যৱহাৰ কৰি এই ৰাখীটো নিৰ্মাণ কৰিছে । যিটো স্কেন কৰিলে ভগ্নীয়ে প্ৰেৰণ কৰা এটা বিশেষ বাৰ্তা অথবা এটা গানৰ লিংক খোল খাব ।

তেওঁ লগতে কয় যে এই অনন্য কিউ আৰ কোড ৰাখী এতিয়া কাশ্মীৰ, তেলেংগানা, অসমৰ গুৱাহাটীকে ধৰি আন আন ৰাজ্যৰ লোকসকলৰ এতিয়া পছন্দ হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ দৰে দেশৰ পৰাও এই ৰাখীৰ অৰ্ডাৰ পোৱা গৈছে । কিউ আৰ কোডৰ লগতে এই ৰাখী বিভিন্ন ডিজাইনত উপলব্ধ আৰু ভাই-ভনীসকলেও তেওঁলোকৰ নিজৰ ফটো ইয়াত সন্নিৱিষ্ট কৰিব পাৰিব ।

লগতে পঢ়ক : টুইটাৰে লক কৰিলে ৰাহুল গান্ধীৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.