নিউজ ডেস্ক, 4 নৱেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে জনাই যে, ৰাষ্ট্ৰীয় ৰাজধানীখনত ক'ভিড-19 ৰ পৰিস্থিতিয়ে শেহতীয়াকৈ তৃতীয় স্তৰত অতিক্ৰম কৰিছে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আকৌ জনাই যে, ছেপ্তেম্বৰৰ পৰা অক্টোবৰলৈ ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছিল যদিও শেহতীয়াকৈ পুনৰ ৰাজধানীখনত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ লগতে, ৰাজধানীখনত চিকিৎসালয়ৰ আন্তঃগাঁথনি, ৰোগীৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিব দিয়ে ৷
আনহাতে, দিল্লীৰ প্ৰদূষণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ প্ৰদৃষণ ৰোধ কৰাৰ বাবে দিল্লী চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰে ৷ ৰাজধানীখনৰ পৰা প্ৰতিদিনে নিৰ্গত হোৱা লেতেৰা আৱৰ্জনাসমূহ দিল্লী চৰকাৰে জৈবিক সাৰলৈ ৰূপান্তৰ কৰিব বুলি জানিব দিয়ে ৷
লগতে পঢ়ক : প্ৰমোদ বড়োৰ দাবী : মছনদ দখল কৰিব নোৱাৰে বিপিএফে !