ETV Bharat / bharat

৬-৮ সপ্তাহৰ ভিতৰত দেশত কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা - অহা ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত দেশত কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা

ভাৰতৰ এপিডেমিঅ'লজিষ্টসকলে (epidemiologists) ইংগিত দিছিল যে ক'ভিডৰ তৃতীয় ঢৌ(Third wave) অনিবাৰ্য আৰু ই ছেপ্তেম্বৰ-অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

AIIMS chief
দেশত কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা
author img

By

Published : Jun 19, 2021, 8:03 PM IST

নেশ্যনেল ডেস্ক, ১৯ জুন : দেশবাসীয়ে কৰ'ণাৰ দ্বিতীয় ঢৌৰ(Second wave) সৈতে মোকাবিলা কৰি থকাৰ মাজতে আন এক উদ্বেগজনক খবৰ । এইমছৰ ফালৰ পৰা আহিছে এই উদ্বেগজনক খবৰটো । এইমছৰ(All India Institute Of Medical Sciences) সঞ্চালক ৰণদীপ গুলেৰিয়াই শনিবাৰে জনোৱা মতে যদি ক'ভিডৰ নীতি-নিৰ্দেশনাসমূহ সঠিকভাৱে মানি চলা নহয় আৰু মানুহৰ ভীৰ পূৰ্বৰ দৰে অব্যাহত থাকে, তেন্তে কৰ’ণা সংক্ৰমণৰ তৃতীয় ঢৌ পৰৱৰ্তী ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত দেশত দেখা দিব পাৰে ।

গুলেৰিয়াই সংবাদ মাধ্যমক জনোৱা মতে, ক'ভিড হটস্পট আৰু লক ডাউনৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনাৰ প্ৰয়োজন । তেওঁ কয় যে যি মুহুৰ্তত কোনো এক স্থানত আক্ৰান্তৰ সংখ্যা বৃদ্ধি দেখা পালে আৰু আক্ৰান্তৰ হাৰ ৫ শতাংশৰ ওপৰলৈ গ'লে ক্ষেত্ৰ বিশেষে নিৰ্দিষ্ট লক ডাউন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা ৰূপায়ণ কৰা উচিত । আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কঠোৰ নিৰীক্ষণ আৰু উক্ত এলেকাসমূহত নিৰ্দিষ্ট লক ডাউনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে এইমছৰ সঞ্চালকগৰাকীয়ে । গুলেৰিয়াই লগতে কয় যে, সংক্ৰমণৰ পৰৱৰ্তী ঢৌত শিশু অধিক প্ৰভাৱিত হ'ব বুলি কোনো প্ৰমাণ নাই ।

ইয়াৰ পূৰ্বে ভাৰতৰ এপিডেমিঅ'লজিষ্টসকলে (epidemiologists) ইংগিত দিছিল যে ক'ভিডৰ তৃতীয় ঢৌ(Third wave) অনিবাৰ্য আৰু ই ছেপ্তেম্বৰ-অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

এপ্ৰিল আৰু মে’ মাহত ক'ভিড মহামাৰীৰ এক নিৰ্মম দ্বিতীয় ঢৌৰ দ্বাৰা ভাৰত ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত দৈনিক বৃহৎ সংখ্যক লোকে প্ৰাণ হেৰুৱাইছে । বিভিন্ন চিকিৎসালয়ত অক্সিজেন যোগানৰ অভাৱৰ ফলত সমস্যা বৃদ্ধি পাইছিল । অৱশ্যে আক্ৰান্তৰ সংখ্যা নিম্নমুখী হোৱা দেখা গৈছে আৰু যোৱা কেইবাদিনো ধৰি আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে ।

তেওঁৰ মতে অৰ্থনৈতিক দিশৰ কথা মনত ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লক ডাউন এক সমাধান হ'ব নোৱাৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৬০,৭৫৩ টা নতুন ক'ভিডৰ আক্ৰান্ত ঘটনাৰ সৈতে ভাৰতত আক্ৰান্তৰ সংখ্যা ২,৯৮,২৩,৫৪৬ গৰাকীলৈ বৃদ্ধি হৈছে । আনহাতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৭,৬০,০১৯ টা । দেশত মৃত্যুৰ সংখ্যা ৩,৮৫,১৩৭ লৈ বৃদ্ধি পাইছে আৰু ১,৬৪৭ গৰাকী লোকৰ শেহতীয়াকৈ মৃত্যু হৈছে ।

লগতে পঢ়ক: চণ্ডীগড়ত অনুষ্ঠিত হ'ব মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.