ETV Bharat / bharat

তৃতীয়বাৰৰ বাবে চিপিএমৰ সাধাৰণ সম্পাদক হ’ল সীতাৰাম য়েচুৰী

author img

By

Published : Apr 10, 2022, 7:58 PM IST

সীতাৰাম য়েচুৰীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে চিপিএমৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ৷ ইয়াৰোপৰি দলটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দলৰ শীৰ্ষ কমিটীত (পলিটব্যুৰো) এগৰাকী দলিত নেতাকো অন্তৰ্ভুক্ত কৰা হৈছে (Dalit in CPM politburo) ৷

third-term-for-sitaram-yechury-a-vijayaraghavan-in-pb
তৃতীয়বাৰৰ বাবে চিপিএমৰ সাধাৰণ সম্পাদক হ’ল সীতাৰাম য়েচুৰী

নেচনেল ডেস্ক, 10 এপ্ৰিল : চিপিএমৰ সাধাৰণ সম্পাদক হিচাপে সীতাৰাম য়েচুৰীয়ে লাভ কৰিলে তৃতীয়টো কাৰ্যকাল (Third term for Sitaram Yechury as CPM GS) । বিশাখাপট্টনমত 2015 চনত আয়োজিত দলৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে য়েচুৰী চিপিএমৰ সাধাৰণ সম্পাদক হৈছিল (Yechury became CPM general secretary ) । ইয়াৰ পিছতে, 2018 চনত য়েচুৰী দ্বিতীয়বাৰৰ বাবে সাধাৰণ সম্পাদক হয় ।

উল্লেখ্য যে, চিপিএম দলে এই পদত এজন ব্যক্তিৰ বাবে সৰ্বাধিক তিনিটা কাৰ্যকালৰহে অনুমতি দিয়ে ৷ এইবাৰ বয়সফালৰ পৰা অহা সীমাবদ্ধতাৰ বাবেই এছ.ৰামচন্দ্ৰন পিল্লাই, হান্নুন মুল্লা, আৰু বিমান বসুক বাদ দিয়া হৈছে । ইপিনে, দলটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দলৰ শীৰ্ষ কমিটীত (পলিটব্যুৰো) এগৰাকী দলিত নেতাক অন্তৰ্ভুক্ত কৰিছে (Dalit in CPM politburo) ৷ বংগৰ ড৹ ৰামচন্দ্ৰ ডমৰ নাম এইক্ষেত্ৰত বিবেচনা কৰা হৈছে (A Vijayaraghavan in PB ) ।

উল্লেখ্য যে, শেহতীয়াকৈ চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে চিপিএম পলিটব্যুৰোত দলিত প্ৰতিনিধিত্বৰ অভাৱৰ বিষয়টো উত্থাপন কৰিছিল ।

তেওঁ কৈছিল যে, এজনো দলিত নেতা পলিটব্যুৰোলৈ নহাৰ বহুতো ঐতিহাসিক কাৰণ আছে আৰু ইয়াক অতিক্ৰম কৰিব লাগিব । য়েচুৰীয়ে লগতে কৈছিল যে, দলটোৱে পলিটব্যুৰোত মহিলাৰ প্ৰতিনিধিত্ব আৰু এজন দলিত নেতাৰ অভাৱৰ বিষয়ে আগৰে পৰা অৱগত আছিল । অৱশ্যে, এই এই সমস্যা এতিয়া সমাধান কৰা হৈছে ।

লগতে পঢ়ক : ভূমি চুক্তিৰ গোচৰ সন্দৰ্ভত সাংসদ জয়া বচ্চনলৈ আদালতৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.