ETV Bharat / bharat

Toilet Seat: শৌচাগাৰতকৈ আপোনাৰ আশে পাশে থকা এইসমূহ সামগ্ৰীত আছে অধিক বেক্টেৰিয়া - টয়লেটৰ চিটৰ বেক্টেৰিয়া

আমাৰ চাৰিওফালে বহুতো বস্তু আছে যিবোৰ আমি সাধাৰণতে ব্যৱহাৰ কৰো । কিন্তু আপুনি জানেনে যে এইবোৰ বস্তুত শৌচাগাৰতকৈ অধিক বেক্টেৰিয়াৰে ভৰা । এইসমূহ কি কি হয় জানো আহক-

There are many times more bacteria around you than toilet seat negligence can make you ill
টয়লেটৰ চিটতকৈ আপোনাৰ আশে-পাশে থকা এইসমূহ সামগ্ৰীত আছে অধিক বেক্টেৰিয়া
author img

By

Published : Mar 28, 2023, 4:55 PM IST

আমি সকলোৱে জানো যে, আমাৰ ঘৰত এনে এটা ঠাই আছে য’ত বহুত বেক্টেৰিয়া থাকে । সেইটোৱেই হৈছে টয়লেটৰ চিট । মানুহে প্ৰায়ে ইয়াক স্পৰ্শ কৰিবলৈ সংকোচ কৰে । আনহাতে, স্পৰ্শ কৰিলেও লগে লগে হাত ধুই লয় । কিন্তু আপুনি জানেনে যে, টয়লেট চিটৰ বাহিৰে আন কি কি বস্তুত টয়লেট চিটতকৈ অধিক বেক্টেৰিয়া থাকে (Toilet Seat)। এই প্ৰতিবেদনত আমি এনে কিছুমান সামগ্ৰীৰ বিষয়ে আমি উল্লেখ কৰিম যিসমূহ হয়তো আপুনি অহাবাৰলৈ স্পৰ্শ কৰাৰ পূৰ্বে এবাৰ কি হাজাৰবাৰ ভাবিব (bacteria in Toilet seat)।

এই সামগ্ৰীসমূহ বাৰে বাৰে স্পৰ্শ কৰিলেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় । কাৰণ বস্তু স্পৰ্শ কৰাৰ পিচত জানি অজানিতে মুখত লগালে তেতিয়া ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । সেই সামগ্ৰীসমূহ কি জানো আহক (Can you get a disease from urine on a toilet seat) ।

কি-ব’ৰ্ড

আমি কম্পিউটাৰত কাম কৰাৰ সময়ত কিব’ৰ্ড ব্যৱহাৰ কৰো । বহুতে কম্পিউটাৰৰ সন্মুখত খাদ্য ৰাখি খাদ্য গ্ৰহণ কৰে । ইয়াৰ লগতে তেওঁলোকে কি-ব’ৰ্ডকো স্পৰ্শ কৰি থাকে । কিন্তু আপুনি জানেনে যে টয়লেটতকৈ কম্পিউটাৰৰ কিব’ৰ্ডত প্ৰায় ৫ গুণ বেছি বেক্টেৰিয়া পোৱা যায় ।

এটিএম

ATM মেচিনত কাৰ্ড সোমোৱা ঠাইবোৰতো বহুত বেক্টেৰিয়া পোৱা যায় । কাৰণ ইয়াত আন বেক্টেৰিয়াৰে ভৰা কাৰ্ডো সুমুৱাই দিয়া হয় । ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ পিচত মানুহে চাফা কৰাৰ কথা নাভাবে । কিন্তু এই কাৰ্ডখনত বহুত বেক্টেৰিয়া থাকে ।

চিনেমা হল

আমি চিনেমা হলত বহিবলৈ ব্যৱহাৰ কৰা চকীবোৰতো বহুত বেক্টেৰিয়া থাকে । বহুতে এই চকীবোৰত শীতল পানীয় বা আন বহুতো বস্তুও পেলাই দিয়ে । সেইবাবেই এই চকীবোৰতো বহুত বেক্টেৰিয়া থাকে ।

টিভিৰ ৰিম’ট

আনকি টিভিৰ ৰিম’টতো টয়লেটৰ চিটতকৈ বেছি মলি পোৱা যায় । প্ৰায়ে খাদ্য খোৱাৰ সময়ত টিভিৰ ৰিম’ট ব্যৱহাৰ কৰে । ইয়াৰ উপৰিও আপুনি ইয়াক চোফাৰ কুশ্বনৰ মাজতো পেলাই দিওঁ । এই ঠাইবোৰতো যথেষ্ট বেক্টেৰিয়া আছে ।

ফোন

আজিৰ যুগত ফোন নথকা মানুহ খুব কম হ'ব । আমি য’তেই যাওঁ তাতেই ফোনটো লগত লৈ যাওঁ । আনকি বহুতে বাথৰুমত ফোনটো ব্যৱহাৰ কৰে । ফোনটো ব্যৱহাৰ কৰি থাকোঁতে আমি যিকোনো ঠাইতে ৰাখোঁ । কিন্তু আপুনি জানেনে ই মলিৰে ভৰি থাকে ।

লগতে পঢ়ক: Mehndi Designs: বিবাহৰ প্ৰস্তুতি চলাইছে নেকি ? তেন্তে কামত আহিব বলীউড অভিনেত্ৰীসকলৰ এই মেহেন্দী ডিজাইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.