নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ: অসমত চাৰি বিবাহ প্ৰথা ডিচেম্বৰ মাহৰ ভিতৰত বন্ধ হ’ব আৰু অসমৰ মুছলমান ভাতৃ-ভগ্নীসকলেও এই ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াইছে । ৰাজস্থানৰ কোটাত বিজেপিৰ পৰিবৰ্তন যাত্ৰাত অংশলৈ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কৰ বিবাহৰ ব্যৱস্থা বন্ধ কৰিব লাগে বুলি মুছলমান সমাজে দাবী কৰাৰ কথা উল্লেখ কৰি জনতাৰ সহযোগিতা বিচাৰি খচৰা বিধেয়কখন ৰাজহুৱা কৰাৰ কথা ব্যক্ত কৰে ৷
মুখ্যমন্ত্ৰী শৰ্মাই এই ক্ষেত্ৰত ১৪৯খন আবেদন লাভ কৰাৰ কথা ব্যক্ত কৰি মাত্ৰ তিনিখনতহে বিৰুদ্ধে অহাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে অধিকাংশ আপত্তি মুছলমান সম্প্ৰদায়ৰ পৰা অহাৰ কথা উল্লেখ কৰি পত্নীৰ চিকিৎসাজনিত কাৰণ থাকিলে দ্বিতীয় বিবাহৰ অনুমতি দিয়াৰ বাবে আহ্বান জনোৱাৰ কথাও সদৰী কৰে ৷
ইফালে বাংলাদেশী ৰোহিংগীয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পূৰ্বতে অসম আৰু পশ্চিমবংগৰ বাবে বাংলাদেশী ৰোহিংগীয়াৰ ভাবুকি আছিল যদিও এতিয়া ভাৰতৰ মূল অংশ আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ বাবেও তেওঁলোক ভাবুকি হৈ পৰিছে বুলি উল্লেখ কৰে ।
শেহতীয়াকৈ সংঘটিত হাৰিয়ানা হিংসাতো ৰোহিংগীয়াৰ জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ কথা তেওঁ ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে অসম আৰু বাংলাদেশ সম্পূর্ণৰূপে ধ্বংস হৈছে ৷ আমি ২০০টা গোচৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক হস্তান্তৰ কৰিছো । তেওঁ লগতে চলিত বছৰত ৫০০ৰ পৰা ৬০০ বাংলাদেশী ৰোহিংগীয়া লোক মেইন লাইনৰ ফালে প্ৰব্ৰজন হোৱাৰ তথ্য অসম আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ কথা জানিবলৈ দিয়ে ৷
মুখ্যমন্ত্ৰী শৰ্মাই লগতে দেশত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী হ’ব লাগে বুলি উল্লেখ কৰে গুজৰাট আৰু উত্তৰাখণ্ডে নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিছে বুলি জানিবলৈ দিয়ে ৷