মিজোৰাম,২০ মে': সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত । শেহতীয়াকৈ মিজোৰাম ৰাজ্যিক আইডিএছপি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনৰ আইজলত ক'ভিড-১৯ ৰ প্ৰসাৰৰ এক বিস্তৃত অধ্যয়ন প্ৰকাশ কৰিছে ।
যোৱা ১ মে'-১৮ মে'লৈ আইজলত ২,১৮৮ গৰাকী মহামাৰী ক'ভিড 19 ৰ কবলত পৰে । ইয়াৰ ভিতৰত ১,০৯৫ গৰাকী মহিলা আৰু ১,০৯৩ গৰাকী পুৰুষ । আক্ৰান্তসকলৰ ভিতৰত ১,১৩৭ গৰাকী লক্ষণযুক্ত ক'ভিড আক্ৰান্ত ৰোগী ।
ইফালে,চলিত মাহত ২২ জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে । আইজল পৌৰ নিগম এলেকাত ২,১০৮ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছিল । জিলাখনত আক্ৰান্তৰ হাৰ হৈছে ৯৬.৩৪ শতাংশ । সম্প্ৰতি আইজল পৌৰ নিগম এলেকাৰ ১০ টা এলেকাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।
লগতে পঢ়ক: টাউতেত ক্ষতিগ্ৰস্ত গুজৰাটলৈ 1000 কোটিৰ অনুমোদন প্ৰধানমন্ত্ৰীৰ