ETV Bharat / bharat

মিজোৰামত একেদিনাই ৬২ গৰাকী কৰ'ণাত আক্ৰান্ত - লেংপুই বিমানবন্দৰ

২২ এপ্ৰিলৰ দিনটোতে মিজোৰামত আক্ৰান্ত হৈছে ৬২ গৰাকী লোক । ৰাজ্যখনত মুঠ ৩২০০ টা নমুনা পৰীক্ষা কৰা হৈছিল য'ত আক্ৰান্তৰ হাৰ ২ শতাংশ ।ৰাজ্যখনত এতিয়ালৈ ৫২২০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৪৬০৫ গৰাকী আৰোগ্য হৈছে । এতিয়াও ৰাজ্যখনত ৬০৩ টা সক্ৰিয় ঘটনা আছে ।

মিজোৰামত একেদিনাই ৬২ গৰাকী কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 23, 2021, 8:22 PM IST

নেশ্যনেল ডেস্ক,২৩ এপ্ৰিল: উত্তৰ-পূৱৰ বাকী ৰাজ্যসমূহৰ তুলনাত ক'ভিডৰ প্ৰথম ঢৌত আক্ৰান্তৰ হাৰ কিছু কম আছিল মিজোৰামত । প্ৰায় তিনিমাহ পূৰ্বলৈ ৰাজ্যখনত দৈনিক হিচাপত ক'ভিডত নগণ্য সংখ্যক লোক আক্ৰান্ত হৈছিল । কিন্তু সমগ্ৰ দেশৰ লগতে কৰ'ণাৰ দ্বিতীয় ঢৌৱে প্ৰভাৱান্বিত কৰিছে মিজোৰামকো ।

মিজোৰামত একেদিনাই ৬২ গৰাকী কৰ'ণাত আক্ৰান্ত
মিজোৰামত একেদিনাই ৬২ গৰাকী কৰ'ণাত আক্ৰান্ত

২২ এপ্ৰিলৰ দিনটোতে ৰাজ্যখনত আক্ৰান্ত হৈছে ৬২ গৰাকী লোক । জ'ৰাম মেডিকেল কলেজত কৰা আৰটি-পিচিআৰত ৫৫৭ গৰাকী লোকৰ ভিতৰত কৰ'ণা আক্ৰান্ত হয় ৩ গৰাকী । ভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত ২২ এপ্ৰিলৰ দিনটোত ৭১ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰ ভিতৰত ৬ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ইফালে ৰেপিড এণ্টিজেন পৰীক্ষা গৰিষ্ঠ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি ধৰা পৰে । ২৫৭২ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰ ভিতৰত ৫৩ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছ । অৱশ্যে ইয়াৰে ২৯ গৰাকীয়ে আছিল লেংপুই বিমানবন্দৰৰ যাত্ৰী ।

২২ এপ্ৰিলৰ দিনটোত ৰাজ্যখনত মুঠ ৩২০০ টা নমুনা পৰীক্ষা কৰা হৈছিল য'ত আক্ৰান্তৰ হাৰ ২ শতাংশ । আনহাতে ৰাজ্যখনত এতিয়ালৈ ৫২২০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৪৬০৫ গৰাকী আৰোগ্য হৈছে । এতিয়াও ৰাজ্যখনত ৬০৩ টা সক্ৰিয় ঘটনা আছে ।

লগতে পঢ়ক:উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.