নেশ্যনেল ডেস্ক,২৭ মে': মিজোৰামত ২৬ মে'ৰ দিনটোত ক'ভিডত আক্ৰান্ত ২০৭ গৰাকী লোক । চেনিটাইজেচনৰ বাবে ৰাজ্যখনৰ জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত নমুনা পৰীক্ষা কৰা হোৱা নাই ।আনহাতে বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত সম্পন্ন ১৯৮ টা নমুনাৰ ভিতৰত ১ গৰাকীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ইফালে ৰেপিড এণ্টিজেন পৰীক্ষাৰ ১৭৬৫ টা নমুনাৰ ভিতৰত ২০৬ গৰাকী ক'ভিডত আক্ৰান্ত বুলি চিনাক্ত হয় ৷

উল্লেখ্য যে, ২৬ মে'ত ৰাজ্যখনত ১৯৬৩ টা নমুনা পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত ১৫৫ গৰাকীৰ শৰীৰত ক'ভিডৰ লক্ষণ থকাৰ পৰিৱৰ্তে আক্ৰান্ত অন্য ৫২ গৰাকীৰ দেহত ক'ভিডৰ কোনো লক্ষণ নাই ৷ ৰাজ্যখনত আক্ৰান্তৰ হাৰ ১০.৫৪ শতাংশ । আনহাতে ২৭ মে'ৰ দিনটোত মুঠ ৮২ গৰাকী আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । ৰাজ্যখনত এতিয়ালৈ কৰ'ণাত আক্ৰান্ত হৈছে ১১,১৪৩ গৰাকী লোক ইয়াৰে ৮৩৭৪ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ২৭৩৫ টা সক্ৰিয় ঘটনা আছে ।
লগতে পঢ়ক:পলাতক হীৰা মেহুল চোকচিক ডমিনিকাত আটক