ETV Bharat / state

আজিৰ দিনত কোনেও দুৰ্নীতি কৰিব নোৱাৰে : যোগেন মহন - BJP Leader Commited Suicide - BJP LEADER COMMITED SUICIDE

Sonari BJP leader suicide case: জ্যেষ্ঠ বিজেপি নেতা তথা চৰাইদেউ জিলাৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি আত্মহত্যাৰ প্ৰসংগক লৈ সৰৱ মন্ত্ৰী যোগেন মহন । RTI কৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ প্ৰকাশ মন্ত্ৰীগৰাকীৰ । দুৰ্নীতি হ'লে চৰকাৰে চাব বুলি উল্লেখ কৰি নীতিশিক্ষা দিলে মন্ত্ৰী মহনে ।

Minister Jogen Mohan reacts on suicide case of Sonari
বিজেপি নেতাৰ আত্মহত্যাক লৈ সৰৱ যোগেন মহন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 8:28 AM IST

মৰাণ, ২২ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি আত্মহত্যাৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । শুকুৰবাৰে ৰজাপুখুৰী পঞ্চায়তৰ সমীপতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহত চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল দেৱজিত হাজৰিকাই । চৰাইদেউ জিলা বিজেপিৰ জ‌্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে চুইচাইড নোট ।

বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই অহাৰ কথা উল্লেখ কৰি, সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত লোৱা বুলি চুইচাইড নোটত লিখি থৈ গৈছিল দেৱজিত হাজৰিকাই । দুজন সাংবাদিকৰ নাম থকাৰ লগতে এজন প্ৰাক্তন BDO আৰু গুৱাহাটীৰ এজন আৰ টি আই কৰ্মীৰ নাম উল্লেখ কৰিছিল চুইচাইড নোটত । বিগত কেইটামান মাহৰ পৰা পঞ্চায়তৰ কিছু আঁচনিৰ কামক লৈ ৰাজ্যত এটা আগশাৰীৰ টেলিভিচন চেনেল আৰু এটা পৰ্টেল চেনেলে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছিল ।

বিজেপি নেতাৰ আত্মহত্যাক লৈ সৰৱ যোগেন মহন (ETV Bharat Assam)

লগতে এজন RTI কৰ্মীয়ে আঁচনি তথ্য বিচাৰি মানসিক অত্যাচাৰৰ চলাইছিল । ফলত বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতিগৰাকীয়ে আত্মহত্যাৰ পথ বাচি লৈছিল । এই ঘটনাক দুখ প্ৰকাশ কৰি মৰাণত শনিবাৰে সন্ধিয়া মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে । RTI কৰ্মী আৰু সাংবাদিকৰ বিৰুদ্ধে ক্ষোভ উজাৰে মন্ত্ৰী যোগেন মহনে ।

ঘটনাক লৈ কি কয় মন্ত্ৰী যোগেন মহনে :

চৰাইদেউ জিলা বিজেপিৰ জ‌্যেষ্ঠ নেতাগৰাকীৰ আত্মহত্যা কৰাৰ প্ৰসংগত মন্ত্ৰী মহনে কয়, "দেৱজিত হাজৰিকাই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল । RTI কৰ্মীৰ অত্যাচাৰত এই ঘটনা সংঘটিত হৈছে । মিছা প্ৰচাৰ চলালে নিস্বাৰ্থ কৰ্মীবিলাক ভাগি পৰে, শেষত আত্মহত্যা কৰিবলৈ বাধ্য হয় । দেৱজিত হাজৰিকাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে । সংবাদ কৰ্মীয়ে ভুল তথ্যৰে বাতৰি পৰিৱেশন কৰিলে সমাজত বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় ।"

লগতে মন্ত্ৰীগৰাকীয়ে কয়, "দুই লাখ টকাৰ আঁচনিৰ কাম কৰিছিল দেৱজিত হাজৰিকাই । সেই কামত কোনো খেলিমেলি হোৱা নাছিল । কিন্তু এজন RTI কৰ্মীয়ে ৰাজ্যপালৰ পৰা আৰম্ভ কৰি বিভিন্ন পক্ষক হেঁচা দিছিল । আৰক্ষীয়ে তদন্ত কৰি কোনো বেমেজালি পোৱা নাছিল । তাৰ পাচতো তেওঁৰ ওপৰত অপপ্ৰচাৰ কৰাত হতাশ হৈ এই কাম কৰিলে । পুনৰ যাতে এনে কাম কোনেও নকৰে তাৰ বাবে আহ্বান জনাইছোঁ । কৰবাত দুৰ্নীতি হ'লে চাবলৈ চৰকাৰ আছে । আজিৰ দিনত কোনেও দুৰ্নীতি কৰিব নোৱাৰে ।"

লগতে পঢ়ক: কি কাৰণে আত্মহত্যা কৰিলে পঞ্চায়ত সভাপতিয়ে ? - BJP Leader Commited Suicide

সাংবাদিকসহ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক, ছুইচাইড নোটত আৰু কাৰ কাৰ নাম ? - BJP Leader Commited Suicide

বিপদত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰা ! সোমবাৰে হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত - RTI activist Dulal Bora

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.