ETV Bharat / bharat

মিজোৰামত এদিনতে সৰ্বাধিক লোক ক'ভিডত আক্ৰান্ত

author img

By

Published : May 13, 2021, 2:26 PM IST

মিজোৰামত যোৱা ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ২৪০ জন লোক । ৰাজ্যখনত মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮০৩২ জন ।

mizoram covid update
মিজোৰামত এদিনতে সৰ্বাধিক লোক ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১৩ মে': সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ সংহাৰ । আন ৰাজ্যৰ লগতে মিজোৰামতো দৈনিক বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ । ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ২৪০ জন লোক । এই সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । নিহত হৈছে এজন লোক । নিহত লোকজন আইজলৰ তানহৰিলৰ বাসিন্দা জেৰুজালেমথাৰা (৪৪) বুলি জানিব পৰা গৈছে । যোৱা ৪ মে'ত মহামাৰী ক'ভিডত আক্ৰান্ত হৈছিল লোকজন । তাৰ ঠিক ৫ দিন পাচত কমিউনিটি ক'ভিড কেন্দ্ৰত আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত ১০ মে'ত লোক গৰাকীক জেডএমচি আইচিইউত ভৰ্তি কৰোৱা হৈছিল ।

বুধবাৰৰ দিনটোত জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত মুঠ ১৬৩৮ টা নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰে ভিতৰত ১৩১ টা নমুনাত ক'ভিডৰ উপস্থিতি ধৰা পৰে । আনহাতে, True NAT গৱেষণাগাৰত বিভিন্ন জিলাৰ ২৭২ টা নমুনা পৰীক্ষা কৰা হৈছিল । ইয়াৰে ৯ জনক ক'ভিড আক্ৰান্ত হিচাপে চিনাক্ত কৰা হয় । ইফালে, RAgT পৰীক্ষাৰ ১৯৬১ টা নমুনাৰ ভিতৰত ১০০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।

যোৱা ১১ মে'ত মুঠ ৩৮৭১ টা নমুনা পৰীক্ষা কৰা হৈছিল । উক্ত দিনটোলৈকে পজিটিভৰ হাৰ ৬.২০ শতাংশ । বিপৰীতে, ১২ মে'ত ৰাজ্যখনৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ১১৮ জন লোকক অব্যাহতি দিয়া হৈছে । ইপিনে, আৰোগ্য হোৱা লোকৰ ৭৬.২০ শতাংশ ।

ৰাজ্যখনত মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮০৩২ আৰু ৬১২০ জন আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে মিজোৰামত ২৩ জন লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত এতিয়ালৈকে ১,৮৮৯ গৰাকী সক্ৰিয় ৰোগী আছে ।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ কেঞ্চীধাম মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.