ETV Bharat / bharat

Gujarat assembly election phase2: আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ - AAP in Gujarat

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ(Gujrat assembly election 2022) ৷ গুজৰাট বিধানসভাৰ 14 খন জিলাৰ মুঠ 93টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ ৷ ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিজা সমষ্টি ৷ অহা 8 ডিচেম্বৰত হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷

Gujrat assembly election 2022
গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ
author img

By

Published : Dec 5, 2022, 9:34 AM IST

নিউজ ডেস্ক, 5 ডিচেম্বৰ : আজি অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ(Gujarat election phase 2) ৷ পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ গুজৰাট বিধানসভাৰ 14 খন জিলাৰ মুঠ 93 টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ (Gujrat assembly election 2022) ৷

পুৱা 9 বজাত আহমেদাবাদ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) ৷ উল্লেখ্য যে, গুজৰাট বিধানসভাৰ মুঠ 182টা সমষ্টিৰ ভিতৰত 89টা সমষ্টিত ইতিমধ্যেই 1 ডিচেম্বৰত অনুষ্ঠিত হৈ গৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ আনহাতে 8 ডিচেম্বৰ হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷

আজি ভোট গ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টি কেইটাৰ ভিতৰতে আছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো নিজা সমষ্টি (Home minister Amit Shah) ৷ যাৰ বাবে অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷

Gujarat assembly election phase2
আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ

বিগত 27বছৰে ভাৰতীয় জনতা পাৰ্টীৰ হাততেই আছে গুজৰাট শাসনৰ বাঘজৰী(BJP) ৷ কিন্তু এইবাৰ গুজৰাটৰ মছনদ দখলৰ বাবে উঠি পৰি লাগিছে আম আদমী পাৰ্টি (AAP in Gujarat) ৷ সেয়েহে অতি আকৰ্ষণীয় হৈ পৰিছে গুজৰাটৰ নিৰ্বাচনী যুঁজ ৷

মুঠ 61টা ৰাজনৈতিক দলৰ 833গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৷ ইয়াৰ ভিতৰত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল(CM Bhupendra patel) ৷ কিন্তু এইবাৰ গুজৰাটৰ শাসনভাৰ কাৰ হাতলৈ যাব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ আছে দেশবাসীৰ ৷

ইফালে এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বৃহৎ জয় লাভ কৰিব বুলি দাবী বিজেপিৰ ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱা 93টা সমষ্টিত আছে সৰ্বমুঠ 25মিলিয়ন ভোটাৰ ৷ ইয়াৰ ভিতৰত 12.9মিলিয়ন পুৰুষ ভোটাৰ আৰু 12.2 মিলিয়ন মহিলা ভোটাৰ ৷

এইবাৰৰ গুজৰাট নিৰ্বাচনত মূল প্ৰতিদ্বন্দী হিচাপে থিয় দিছে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দল (Gujrat Congress) ৷ কিন্তু এইবাৰ কাৰ হাতলৈ যাব গুজৰাটৰ শাসনভাৰ, অক্ষুণ্ণ থাকিব নে বিজেপিৰ বিজয় যাত্ৰা, তাৰ বাবে অপেক্ষা কৰিব লাগিব 8 ডিচেম্বৰলৈ ৷

লগতে পঢ়ক: অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.