ETV Bharat / bharat

পঞ্জাৱত কৃষকৰ অভিনৱ প্ৰতিবাদ

প্ৰধানমন্ত্ৰীয়ে "মন কী বাত" অনুষ্ঠান সম্বোধন কৰি থকাৰ মাজতে কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ অভিনৱ প্ৰতিবাদ । "মন কী বাত" অনুষ্ঠানৰ সম্প্ৰচাৰৰ মাজতে পঞ্জাৱত বাচন বৰ্তনত কোবাই কৰিলে প্ৰতিবাদ ।

author img

By

Published : Dec 27, 2020, 5:00 PM IST

পঞ্জাৱত কৃষকৰ অভিনৱ প্ৰতিবাদ
পঞ্জাৱত কৃষকৰ অভিনৱ প্ৰতিবাদ

নেশ্য়নেল ডেস্ক , ২৭ ডিচেম্বৰ : দেশবাসীক উদ্দেশ্য়ি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "মন কী বাত" অনুষ্ঠানৰ সম্প্ৰচাৰৰ মাজতে পঞ্জাৱত এক বিশেষ প্ৰতিবাদ দেখিবলৈ পোৱা যায় । প্ৰধানমন্ত্ৰীয়ে "মন কী বাত" অনুষ্ঠান সম্বোধন কৰি থকাৰ মাজতে কৃষি আইনৰ বিৰোধিতাৰে ৰাজ্য়খনৰ একাংশ লোকে বাচন বৰ্তন ব্য়ৱহাৰ কৰি এই প্ৰতিবাদ সাব্য়স্ত কৰে ।

উল্লেখ যে স্বৰাজ ইণ্ডিয়া দলৰ সভাপতি যোগেন্দ্ৰ যাদৱে ইয়াৰ পূৰ্বে কৃষক সকলক "মন কী বাত" অনুষ্ঠানৰ মাজতে বাচন বৰ্তনত কোবাই শব্দ কৰিবলৈ আহ্বান জনাইছিল । যাতে প্ৰধানমন্ত্ৰী গৰাকীৰ কথা তেওঁলোকে শুনিবলৈ ব্য়ৰ্থ হয় । কৃষকসকল ভাগৰুৱা হৈ পৰিছে মোডীৰ মনৰ কথা শুনি, গতিকে কৃষকসকলৰ মনৰ কথা কেতিয়া শুনিব বুলি মোডীৰ "মন কী বাত" অনুষ্ঠানৰ সম্প্ৰচাৰৰ মাজতে কৃষকসকলক প্ৰশ্ন কৰিবলৈ আহ্বান জনাইছিল যোগেন্দ্ৰ যাদৱে ।

উল্লেখ যে লকডাউনৰ প্ৰথম পৰ্যায়ত কৰ'ণা যোদ্ধা সকলক আদৰণি জনাবলৈ বাচন বৰ্তনত কোবাই শব্দ কৰা এই ধাৰণা আনিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আৰু এই ধাৰণাকে ব্য়ৱহাৰ কৰি কৃষকসকলৰ অভিনৱ প্ৰতিবাদ দেখা গল দেওবাৰে । আনফালে কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ কেইবাটাও সীমান্তত প্ৰায় এমাহ ধৰি কৃষকৰ প্ৰতিবাদ অব্য়াহত আছে ।

লগতে পঢ়ক :গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.