ETV Bharat / bharat

"স্পুটনিক-ভি"ৰ প্ৰতিটো পালিৰ মূল্য ৯৯৫.৪০ টকা - স্পুটনিক-ভিৰ প্ৰতিটো পালিৰ মূল্য ৯৯৫.৪০ টকা

ভাৰতত ক'ভিড-১৯ৰ প্ৰতিষেধক "স্পুটনিক-ভি"ৰ প্ৰতিটো পালিৰ খুচুৰা মূল্য হ'ব ৯৯৫.৪০ টকা । শেহতীয়াকৈ হায়দৰাবাদস্থিত মেজৰ ড০ ৰেড্ডীজ লেবৰেটৰিজে প্ৰকাশ কৰিছে এই কথা । শুকুৰবাৰে হায়দৰাবাদত প্ৰতিষেধকটোৰ প্ৰথম পালি প্ৰদান কৰা হৈছে ।

The price of one dose of sputnik v vaccine will be rs 995
স্পুটনিক ভি ৰ প্ৰতিটো পালিৰ মূল্য ৯৯৫ টকা
author img

By

Published : May 14, 2021, 4:11 PM IST

নেশ্যনেল ডেস্ক, ১৪ মে': ভাৰতৰ ড্ৰাগছ কন্ট্ৰ'ল জেনেৰেলে যোৱা মাহত "স্পুটনিক-ভি"ৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিছিল । শেহতীয়াকৈ হায়দৰাবাদস্থিত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান মেজৰ ড০ ৰেড্ডীজ লেবৰেটৰিজে প্ৰকাশ কৰিছে যে, ৰাছিয়াৰ "স্পুটনিক-ভি" প্ৰতিষেধকৰ এটা পালিৰ সৰ্বাধিক খুচুৰা মূল্য হ'ব ৯৯৫.৪০ টকা । কোম্পানী কৰ্তৃপক্ষই লগতে কয় যে, আমদানি কৰা প্ৰতিষেধকৰ বাবে এয়া পূৰ্বে নিৰ্ধাৰিত মূল্য ।

অৱশ্যে ভাৰতত এই প্ৰতিষেধক প্ৰস্তুতৰ কাম আৰম্ভ হোৱাৰ পিছত মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ড০ ৰেড্ডীজ লেবৰেটৰিজে মুম্বাই ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)লৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, প্ৰতিষেধকটোৰ আমদানিকৃত প্ৰতিটো পালিৰ এম আৰ পি বৰ্তমান ৫ শতাংশ জিএছটিসহ ৯৪৮ টকা নিৰ্ধাৰণ কৰা হৈছে । স্থানীয়ভাৱে প্ৰতিষেধকটোৰ যোগান আৰম্ভ হ'লে মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

"স্পুটনিক-ভি" মস্কোৰ গামালিয়া ৰিছাৰ্চ ইনষ্টিটিউট অৱ এপিডেমিঅ'লজী এণ্ড মাইক্ৰ'বায়'লজীৰ দ্বাৰা বিকশিত কৰা হৈছিল আৰু ৰাছিয়ান প্ৰত্যক্ষ বিনিয়োগ পুঁজিৰ দ্বাৰা বিশ্বব্যাপী বাণিজ্যিকীকৰণ কৰা হৈছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত, আৰ ডি আই এফই ভাৰতত প্ৰতিষেধকটোৰ পৰীক্ষণ আৰু বিক্ৰীৰ বাবে ডি আৰ এলৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল । সেই অনুসৰি, ডি আৰ এলেই "স্পুটনিক-ভি"ৰ ১,৫০,০০০ টা পালি লাভ কৰে কৰিছিল আৰু ইতিমধ্যে প্ৰথম পালি প্ৰদান কৰা হৈছে ।

ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে জনোৱা মতে শুকুৰবাৰে হায়দৰাবাদত প্ৰতিষেধকটোৰ প্ৰথম পালি প্ৰদান কৰা হৈছে । জানিব পৰা মতে, দ্বিতীয় পৰ্যায়ত প্ৰেৰণ কৰা "স্পুটনিক-ভি"ৰ পালিবোৰ শুকুৰবাৰে ভাৰত আহি পাব বুলি আশা কৰা হৈছে । প্ৰতিষেধকৰ উপলব্ধতা বৃদ্ধি কৰাৰ প্ৰচেষ্টা হিচাপে ডিআৰএলে চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ ইয়াৰ অংশীদাৰসকলৰ সৈতে কাম কৰি আছে ।

ড০ ৰেড্ডীজ লেবৰেটৰিজে প্ৰতিষেধক সময়মতে যোগান ধৰাতো নিশ্চিত কৰাৰ বাবে ৬টা নিৰ্মাণ অংশীদাৰৰ সৈতে একেলগে প্ৰয়াস কৰি আছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে । বিগত জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰা টীকাকৰণ অভিযানৰ বাবে ছিৰাম ইনষ্টিটিউট অৱ "ক'ভিশ্বিল্ড" আৰু ভাৰত বায়'টেকৰ "কোভেক্সিন" ব্যৱহাৰ কৰা হৈছে ।

"ক'ভিশ্বিল্ড" কেন্দ্ৰীয় চৰকাৰৰ বাবে প্ৰতিটো পালিৰ মূল্য ১৫০ টকা, ৰাজ্য চৰকাৰৰ বাবে ৩০০ টকা আৰু ব্যক্তিগত চিকিৎসালয়ৰ বাবে ৬০০ টকা নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, ভাৰত বায়'টেকৰ "কোভেক্সিন" কেন্দ্ৰৰ বাবে প্ৰতিটো পালিৰ মূল্য ১৫০ টকা, ৰাজ্য চৰকাৰৰ বাবে ৪০০ টকা আৰু ব্যক্তিগত চিকিৎসালয়ৰ বাবে ১২০০ টকা নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক:কৰ’ণা ভাইৰাছৰ পূৰ্ৱৱৰ্তী আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.