নিউজ ডেস্ক,৩০ এপ্ৰিল : ৩০ এপ্ৰিল অৰ্থাৎ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ (First solar eclipse of 2022)। সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ অৱস্থানৰ বাবেই এই বিৰল মুহূৰ্ত । জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে বিশ্বজুৰি এয়া হ'ব আংশিক সূৰ্যগ্ৰহণ ।
ভাৰতীয় সময় অনুসৰি আংশিক সূৰ্যগ্ৰহণ আজি দুপৰীয়া ১২.১৫ বাজি ৩ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব আৰু বিয়লি ২.১১ বাজি ২ ছেকেণ্ডলৈ চলিব সূৰ্যগ্ৰহণ । উজ্জয়নৰ চৰকাৰী জীৱাজী পৰ্যবেক্ষণালয়ৰ অধীক্ষক ড৹ ৰাজেন্দ্ৰ প্ৰকাশ গুপ্তাই প্ৰকাশ কৰা মতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ'ব (Solar eclipse will not be visible from India)।
তেওঁ লগতে কয় যে, গ্ৰহণৰ সময়ত সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ এনেদৰে অৱস্থান কৰিব যে পৃথিৱীবাসীয়ে সূৰ্যৰ ৬৩.৯ শতাংশহে প্ৰত্যক্ষ কৰিব । ইফালে গুপ্তাই উল্লেখ কৰা মতে ভাৰতীয় সময় অনুসৰি আংশিক সূৰ্যগ্ৰহণ ১ মে'ত পুৱা ৪.০৭ বাজি ৫ মিনি ছেকেণ্ডত সমাপ্ত হ'ব । তেওঁ লগতে উল্লেখ কৰা মতে এই বিৰল মুহূৰ্ত দক্ষিণ আমেৰিকাৰ দক্ষিণ অংশ, উত্তৰ আমেৰিকা, দক্ষিণ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ আটলাণ্টিক মহাসাগৰ অঞ্চলৰ পৰা দেখা যাব ।
লগতে পঢ়ক :Daily Horoscope for 30th April : আজি দিনটোৰ ৰাশিফল