ETV Bharat / bharat

RSS ক তালিবানৰে তুলনা কৰি বিপদত জাভেদ আখতাৰ

author img

By

Published : Sep 28, 2021, 1:04 PM IST

১২ নৱেম্বৰৰ পূৰ্বে থানেৰ আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছে সংগীত পৰিচালক জাভেদ আখতাৰক । RSS আৰু বিশ্ব হিন্দু পৰিষদক (VHP) তালিবানৰ সৈতে তুলনা কৰি বিপদত পৰিল শিল্পীগৰাকী ৷

defamation suit
বলীউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখটাৰক আদালতৰ চমন

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : আৰএছএছ (RSS) আৰু বিশ্ব হিন্দু পৰিষদক (VHP) তালিবানৰ সৈতে তুলনা কৰি বিপদত বলীউডৰ বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক জাভেদ আখতাৰ । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) কৰ্মী বিবেক চম্পানেৰকাৰে জাভেদ আখতাৰৰ (Javed Akhtar) বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে । এই গোচৰ সন্দৰ্ভত সোমবাৰে থানেৰ আদালতে আখতাৰক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, অধিবক্তা আদিত্য মিশ্ৰ আৰু অধিবক্তা স্বপ্নিল কালেৰ জৰিয়তে আৰএছএছ কৰ্মীগৰাকীয়ে জাভেদ আখতাৰৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ ৰুজু কৰে । আবেদনকাৰীয়ে উল্লেখ কৰা মতে, আখতাৰৰ মন্তব্যত সংগঠনৰ ভাৱমূৰ্তি কলুষিত হোৱাই নহয় এই মন্তব্যই তেওঁক আঘাত দিছে । সেয়েহে এটকাৰ ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ।

ইফালে আখতাৰৰ মন্তব্যকলৈ বিভিন্ন মহলত সৰৱ চৰ্চা অব্যাহত আছে ।

শিৱসেনাৰ (Shiv Sena) নেতা সঞ্জয় ৰাউতে জাভেদ আখতাৰক তীব্ৰ সমালোচনা কৰি কয় যে, যিকোনো ভাৰতীয় সংগঠনক তালিবানৰ (Taliban) সৈতে তুলনা কৰাটো নিন্দনীয় আৰু ই হিন্দু সংস্কৃতিৰ প্ৰতি অসন্মানজনক । সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীয়ে মুম্বাইত জাভেদ আখতাৰৰ বাসগৃহৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.