ETV Bharat / bharat

স্থানীয় লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰাৰ অভিযোগত উত্তাল অৰুণাচল

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:19 PM IST

অৰুণাচল প্ৰদেশৰ খাৰছাঙত নিশা প্ৰকৃততে হৈছিল কি? নিৰাপত্তাৰক্ষীয়ে উগ্ৰপন্থীৰ নামত নিৰীহ লোকক গুলীচালনা কৰাৰ স্থানীয় লোকৰ অভিযোগৰ পৰিবৰ্তে উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দললৈ গুলীচালনা কৰাৰ অভিযোগ অভিযানকাৰী দলৰ । ইয়াকে লৈ খাৰছাং চিকিৎসালয়ত স্থানীয় ৰাইজৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় নিৰাপত্তাৰক্ষী ৷

Arunachal Firing Incident
খাৰছাং চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
স্থানীয় লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰাৰ অভিযোগত উত্তাল অৰুণাচল

তিনিচুকীয়া, ১৮ নৱেম্বৰ: অৰুণাচলৰ খাৰছাঙৰ ইনজান বস্তিত শুকুৰবাৰে নিশা নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ ১১নং আসাম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত প্ৰচণ্ড গুলীয়াগুলীত এটা উগ্ৰপন্থী আহত হয় ৷ আহত উগ্ৰপন্থী সদস্যগৰাকীক ততাতৈয়াকৈ খাৰছাং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আসাম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী আৰু এই গুলীচালনাত এগৰাকী উগ্ৰপন্থী সদস্য আহত হোৱা বুলি খবৰ বিয়পি পৰাৰ পাচতেই নিশা খাৰছাং চিকিৎসালয়ত স্থানীয় ৰাইজ উপস্থিত হৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চিকিৎসালয়খনত সেই সময়ত উপস্থিত থকা নিৰাপত্তাৰক্ষীৰ জোৱানৰ লগত স্থানীয় ৰাইজৰ সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷

স্থানীয় ৰাইজৰ দাবী, নিৰাপত্তাৰক্ষীয়ে স্থানীয় লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰিছে ৷ এগৰাকী স্থানীয় নিৰ্দোষী লোকক ভৰিত গুলীচালনা কৰিছে । এনেধৰণৰ নিৰ্দোষী লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰা কাৰ্যক কোনোপক্ষ্যেই সহ্য নকৰাৰ কথা ব্যক্ত কৰে ক্ষুব্ধ লোকে ৷ তেওঁলোকে লগতে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে স্থানীয় যুৱকজনক মুকলি কৰি দিয়াৰ দাবীত স্থানীয় লোকে নিৰাপত্তাৰক্ষীয়ে বাক-বিতণ্ডত লিপ্ত হয় ৷

ইফালে, নিৰাপত্তাৰক্ষীৰ দলটোৱে দাবী কৰা অনুসৰি তিনিজনীয়া এটা উগ্ৰপন্থী দলে ইনজান বস্তিত বাহৰ পাতি আছিল ৷ প্ৰথমে উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল । প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাত এগৰাকী উগ্ৰপন্থী সদস্যৰ ভৰিত গুলী লাগি আহত হোৱাৰ বিপৰীতে আন দুগৰাকী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত লোকজনক খাৰছাং চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত হোৱাৰ আশ্বাস প্ৰদান কৰে অৰুণাচল আৰক্ষীয়ে ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ লংডিঙত দুটা দিনৰ পূৰ্বে দুগৰাকীকৈ শ্ৰমিকক অপহৰণকাণ্ড সংঘটিত কৰে সন্দেহজনক NSCN(K-YA)সংগঠনে ৷ তাৰ পাছতে চুবুৰীয়া ৰাজ্যখনত সৃষ্টি হোৱা তীব্ৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ লংডিঙত পুনৰ দুই শ্ৰমিকক অপহৰণ, তীব্ৰ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.