ETV Bharat / bharat

Sachin Tendulkar Advertisement Case : বিজ্ঞাপনত অবৈধভাৱে নাম ব্যৱহাৰ; শচীন তেণ্ডুলকাৰৰ গোচৰ

author img

By

Published : May 13, 2023, 3:27 PM IST

এক চিকিৎসা সামগ্ৰীৰ বিজ্ঞাপনত অবৈধভাৱে শচীন তেণ্ডুলকাৰৰ নাম ব্যৱহাৰৰ অভিযোগ উঠিছে । অভিযোগ মতে, শচীন তেণ্ডুলকাৰৰ নাম, ফটো আৰু কণ্ঠস্বৰ তেওঁৰ অনুমতি অবিহনে চিকিৎসা সামগ্ৰীৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল । এই ঘটনাত গোচৰ ৰুজু কৰা হৈছে (Tendulkars name illegally used in advertisement) ।

Sachin Tendulkar Advertisement Case
Sachin Tendulkar Advertisement Case

নিউজ ডেস্ক, ১৩ মে' : বিশ্ববিখ্যাত ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ (master blaster Sachin Tendulkar) ক্ষেত্ৰত সংঘটিত এক আচৰিত ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে । শচীন তেণ্ডুলকাৰৰ নাম, ফটো আৰু কণ্ঠস্বৰ তেওঁৰ অনুমতি অবিহনে চিকিৎসা সামগ্ৰীৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল (Tendulkars name illegally used in advertisement) । এই কথা জনাৰ পিচত মুম্বাই আৰক্ষীয়ে পশ্চিম খণ্ডৰ চাইবাৰ আৰক্ষী থানাত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । শুকুৰবাৰে আৰক্ষী সূত্ৰই এই কথা জনাইছে (Mumbai Police registered case on Tendulkar fraud) ।

ঔষধি সামগ্ৰীৰ বিজ্ঞাপনত ব্যৱহৃত শচীনৰ নাম : মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম, ফটো আৰু কণ্ঠস্বৰ তেওঁৰ অনুমতি অবিহনে ঔষধি সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা হৈছে । মুম্বাই আৰক্ষীয়ে এই বিষয়ত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । বৃহস্পতিবাৰে পশ্চিম খণ্ড চাইবাৰ আৰক্ষী থানাত শচীনৰ সহকাৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে । অভিযোগটোত এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ অনলাইন বিজ্ঞাপনৰ কথা উল্লেখ কৰা হৈছে । বিজ্ঞাপনটোত শচীনে তেওঁলোকৰ সামগ্ৰীক সমৰ্থন জনোৱাৰ দাবী কৰা হৈছে (medical company allegedly used Tendulkars name) ।

শচীনৰ ফটো ব্যৱহাৰ কৰি বিজ্ঞাপন : এইটো প্ৰকাশ পাইছে যে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ফটো ব্যৱহাৰ কৰি এটা বিজ্ঞাপন দিয়া হৈছে । লগতে এইটোও প্ৰকাশ পাইছে যে এই বিজ্ঞাপনটো সৃষ্টি কৰা অভিযুক্তজনে sachinhealth.in নামৰ ৱেবছাইটটোও সৃষ্টি কৰিছিল ।

শচীনৰ ফটো ব্যৱহাৰ কৰি দিয়া বিজ্ঞাপনৰ দ্বাৰা এই সামগ্ৰীবোৰৰ প্ৰচাৰ কৰা হৈছে । জানিব পৰা মতে, শচীন তেণ্ডুলকাৰে কোম্পানীটোক তেওঁৰ নাম আৰু ফটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাছিল । অভিযোগটোত কোৱা হৈছে যে এই বিষয়ত তেওঁৰ সহায়কক আইনী ব্যৱস্থা ল'বলৈ শচীনে নিৰ্দেশ দিছে । কিয়নো ইয়াৰ দ্বাৰা তেওঁৰ ভাবমূৰ্তি কলুষিত হৈছে ।

তথ্য-প্ৰযুক্তি আইনৰ অধীনত গোচৰ : বিশ্ব বিখ্যাত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ সমগ্ৰ বিশ্বতে যথেষ্টসংখ্যক অনুৰাগী আছে । তাৰ মাজতে শচীনৰ নামত এটা ভুৱা ৱেবছাইট সৃষ্টি কৰি তাত ঔষধি সামগ্ৰীৰ বিজ্ঞাপনত তেওঁৰ ফটো আৰু নাম মুদ্ৰণ কৰা হৈছে । যাৰ ফলত শচীনৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হৈছে । জানিব পৰা মতে, শচীন তেণ্ডুলকাৰে কোম্পানীটোক তেওঁৰ নাম আৰু আলোকচিত্ৰ ব্যৱহাৰ কৰিবলৈ কোনো অনুমতি দিয়া নাই ।

তাৰ পিচতে শচীনে তেওঁৰ সহায়কক আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি আৰক্ষীয়ে তথ্য-প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে জালিয়াতিৰ অপৰাধৰ অধীনত এটা গোচৰ ৰুজু কৰিছে (Case under Information Technology Act) ।

লগতে পঢ়ক :Primary teachers recruitments scam : আদালতে বাতিল কৰিলে ৩৬ হাজাৰ প্ৰাথমিক শিক্ষকৰ চাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.