ETV Bharat / bharat

আমাক অসুবিধা কৰিলে বিজেপিকো দিল্লীৰ পৰা উৎখাত কৰিম : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও

author img

By

Published : Jul 2, 2022, 10:28 PM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ(Telangana Chief Minister) বিজেপিৰ প্ৰতি হুংকাৰ- ‘‘তেলেংগানাৰ পৰা তেলেংগানা ৰাষ্ট্ৰ সমিতিক উৎখাত কৰাৰ চেষ্টা নকৰিব ৷ তেনে কৰিলে দিল্লীৰ পৰাও বিজেপিক উৎখাত কৰিম ৷"

Telangana Chief Minister
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও

নিউজ ডেস্ক: বিজেপিয়ে দক্ষিণৰ ৰাজ্যসমূহো দখল কৰাৰ বাবে উঠি-পৰি লাগিছে ৷ ইয়াৰে অংশ হিচাবে শনিবাৰৰ পৰা হায়দৰাবাদত অনুষ্ঠিত কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক (BJP Executive meeting in Hyderabad) । গেৰুৱা দলটোৱে দক্ষিণৰ ৰাজ্যসমূহত, বিশেষকৈ তেলেংগানাত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

তেলেংগানাৰ পৰা টি আৰ এছক (Telangana Rashtra Samithi) উৎখাত কৰাৰ চেষ্টা চলোৱাৰ বাবে শনিবাৰে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে(Chief Minister K Chandrashekar Rao) কয় যে- তেওঁৰ দলে দিল্লীৰ পৰা বিজেপি চৰকাৰক উৎখাত কৰিব, যদিহে বিজেপিয়ে এনেদৰে তেলেংগানালৈ আহি অসুবিধাৰ সৃষ্টি কৰি থাকে ৷ মহাৰাষ্ট্ৰৰ দৰে পৰিৱেশ তেলেংগানাত সৃষ্টি কৰিব নোৱাৰিব বুলিও হুংকাৰ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মোদী চৰকাৰে ৰাজ্য চৰকাৰসমূহত অশান্তিৰ সৃষ্টি কৰি অহা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে কয় যে, বিজেপিয়ে তেলেংগানাও দখল কৰাৰ বাবে অভিসন্ধি ৰচিছে ৷ তেনে কৰিবলৈ দিয়া নহ’ব ৷ তেলেংগানাত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে দিল্লীৰ পৰাও বিজেপিক উচ্ছেদ কৰিম বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে (Telangana CM KCR to BJP)। লগতে তেওঁ কয়, ৬০ বছৰ ধৰি মানুহে তেলেংগানাৰ বাবে যুঁজ দি আহিছে । তেলেংগানাই পুনৰ যুঁজিব লগা হ’লে আমি পিছুৱাই নাযাও । নতুন ভাৰত নিৰ্মাণৰ বাবে আমি আকৌ এবাৰ আন্দোলন কৰিম বুলি মন্তব্য কৰে তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ প্ৰধানজনে ৷

উল্লেখ্য যে, 2023ত তেলেংগানাত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন (Telangana Assembly Polls 2023)৷ সেই নিৰ্বাচনত তেলেংগানা ৰাষ্ট্ৰ সমিতিক উৎখাত কৰি তেলেংগানা দখলৰ বাবে উঠিপৰি লাগিছে গেৰুৱা বাহিনী ৷ যাৰ বাবে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদতত অনুষ্ঠিত কৰা হয় বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক ৷ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (PM Narendra Modi in Telengana)৷

লক্ষ্যণীয় বিষয় যে, এইবাৰৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিবাৰকৈ তেলেংগানা ভ্ৰমণ কৰে ৷ তিনিওবাৰেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সম্ভাষণ জনোৱাৰ পৰা বিৰত থাকে ৷ মোডীৰ প্ৰথম তেলেংগানা ভ্ৰমণত অসুস্থতাৰ দোহাই দি প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ৷ দ্বিতীয়বাৰৰ মোডীৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকলৈ উৰা মাৰে ৷ তৃতীয়বাৰ অৰ্থাৎ শনিবাৰৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাও ব্যস্ত থাকিল ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যোশোৱন্ত সিনহাৰ সৈতে ৷

লগতে পঢ়ক: BJP National Executive : দক্ষিণৰ ৰাজ্যসমূহত প্ৰৱেশৰ বাবে হায়দৰাবাদত বিজেপিৰ চিন্তন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.