ETV Bharat / bharat

এতিয়াৰে পৰা তেলাংগানাত সু-উচ্চ বিদ্যুতৰ খুঁটা বগোৱা দেখা যাব মহিলাক

author img

By

Published : Oct 27, 2021, 1:36 PM IST

এতিয়াৰে পৰা তেলাংগানত বিদ্যুতৰ সু-উচ্চ খুঁটি বগোৱা দেখিবলৈ পোৱা যাব মহিলাক ৷ তিনিবছৰীয়া আইনী যুঁজৰ অন্তত তেলাংগানাৰ Transco কোম্পানীত বৈদ্যুতিক কৰ্মী হিচাপে চাকৰি লাভ কৰা মহিলাসকলে

Telangana: Women in linewoman job pursuit get appointment letter
তিনিবছৰীয়া আইনী যুঁজ : তেলাংগানাত বৈদ্যুতিক কৰ্মীৰ চাকৰি পালে মহিলাই

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : তিনিবছৰীয়া আইনী যুঁজৰ অন্তত তেলাংগানাৰ Transco কোম্পানীত বৈদ্যুতিক কৰ্মী হিচাপে চাকৰিপ্ৰাপ্ত মহিলাসকলে লাভ কৰিলে নিযুক্তি পত্ৰ ৷ তেওঁলোকৰ এই যাত্ৰা মুঠেই সহজ নাছিল কিয়নো তেওঁলোকে তেলাংগানাৰ Transcoত মহিলাক নিযুক্তি দিয়াৰ সিদ্ধান্তৰ দোমোজাৰে যুঁজ দিবলগীয়া হৈছিল ৷ অৱশেষত তিনিবছৰীয়া এই আইনী যুঁজৰ অন্তত তেওঁলোকে ন্যায় লাভ কৰিলে ৷

Transcoৰ এগৰাকী বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি কোম্পানীটোত বৰ্তমানলৈকে বৈদ্যুতিক কৰ্মী হিচাপে কোনো মহিলাই কাম কৰা নাই ৷ তেলাংগানা গঠনৰ পিছত আমি পদৰ সংখ্যা বৃদ্ধি কৰিছিলো ৷ 2017 চনত পোন প্ৰথমবাৰৰ বাবে কনিষ্ঠ পদ মহিলাৰ বাবে মুকলি কৰা হৈছিল বুলি সাংবাদিকৰ আগত কয় বিষয়াগৰাকীয়ে ৷

এই মহিলাসকলৰ ভিতৰত এগৰাকী হ’ল ভাৰতী ৷ তেওঁ poll climbing টেষ্টৰ সময়ত অতি সহজেই সু-উচ্চ বিদ্যুতৰ খুঁটি অনায়াসে বগাইছিল ৷ 2016 চনত তেওঁ ITI Electrical সম্পূৰ্ণ কৰিছিল ৷ এটি ক্ষুদ্ৰ কৃষক পৰিয়ালৰ ভাৰতীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ স্বামীৰ সৈতে খেতিপথাৰটো কাম কৰিছিল ৷

ভাৰতীৰ স্বামী মোহন সিঙে কয় যে, "poll climbing টেষ্টটো লকডাউনৰ বাবে পলম হৈছিল যদিও অৱশেষত পৰিশ্ৰমে সুফল লাভ কৰিলে ৷ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ৰাইজে তেওঁক Poll ভাৰতী বুলি মাতিবলৈ আৰম্ভ কৰে ৷ বহু লোকে তেওঁক উৎসাহিত কৰিছে ৷"

এই পদৰ বাবে নিৰ্বাচিত হোৱা আন এগৰাকী মহিলা ভূক্য জ্যোতিয়ে কয় যে, মহিলাসকল তেওঁলোকৰ লিংগৰ ভিত্তিত বৈষম্যৰ সন্মুখীন হ'ব নালাগে । মহিলাসকলে সকলো প্ৰাপ্ত কৰিবলৈ সক্ষম । "যদি আপুনি এইটো কঠিন বুলি ভাবি পিছুৱাই যায়, আপুনি পিছ পৰি থাকিব । কিন্তু যদি আপুনি সাহস কৰে আৰু আগবাঢ়ি যায়, আপুনি সফল হ'ব," জ্যোতিয়ে কয় । লগতে তেওঁ মহিলাসকলক সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক : আতজবাজীৰ বিপণীত সংঘটিত অগ্নিকাণ্ডই প্ৰাণ ল’লে 6 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.