ETV Bharat / bharat

কোভিড-১৯ত আক্ৰান্ত হৈছে তেলেংগানাৰ পৰিবহণ মন্ত্ৰী

author img

By

Published : Dec 15, 2020, 4:35 PM IST

উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হোৱা অজয় কুমাৰ হৈছে তেলেংগানাৰ তৃতীয়গৰাকী মন্ত্ৰী । ইয়াৰ পূৰ্বে গৃহ বিভাগৰ মন্ত্ৰী মহম্মদ মেহমুদ আলি আৰু বিত্ত মন্ত্ৰী টি হৰিশ ৰাওৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছিল । বৰ্তমান দুয়োগৰাকী মন্ত্ৰী সুস্থ হৈ উঠিছে ।

Telangana Transport Minister tests COVID positive

হায়দৰাবাদ, ১৫ ডিচেম্বৰঃ কোভিড-১৯ত আক্ৰান্ত হৈছে তেলেংগানাৰ পৰিবহণ মন্ত্ৰী পুভভাড়া অজয় কুমাৰ । শেহতীয়াকৈ কৰা কোভিড পৰীক্ষাত মন্ত্ৰীগৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে । বৰ্তমান মন্ত্ৰীগৰাকীয়ে সুকীয়াকৈ হোম আইছলেশ্য়নত আছে । মংগলবাৰে মন্ত্ৰীগৰাকীয়ে কৰা এক টুইটত প্ৰকাশ কৰিছে এই কথা । টুইটোত তেওঁ কয় যে, আৰটি-পিচিআৰ পৰীক্ষাত মোৰ দেহত কোভিড ধৰা পৰিছে ৷ অনুগ্ৰহ কৰি মোৰ সৈতে কোনোও যাতে ফোন কৰা বা লগ কৰিবলৈ নাহে যেন । লগতে তেওঁ ইয়াৰ পূৰ্বে অংশগ্ৰহণ কৰা সকলো কাৰ্যসূচীতে তেওঁক লগপোৱা প্ৰতিজন লোককে স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে ।

পৰিবহণ মন্ত্ৰী অজয় কুমাৰে কয় যে,তেওঁৰ স্বাস্থ্যক লৈ চিন্তাৰ কোনো কাৰণ নাই । তেওঁ কয় যে, শীঘ্ৰেই তেওঁ নিয়মমাফিক কাৰ্যসূচীলৈ ঘূৰি আহিব পাৰিব ।

উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হোৱা অজয় কুমাৰ হৈছে তেলেংগানাৰ তৃতীয়গৰাকী মন্ত্ৰী । ইয়াৰ পূৰ্বে গৃহ বিভাগৰ মন্ত্ৰী মহম্মদ মেহমুদ আলি আৰু বিত্ত মন্ত্ৰী টি হৰিশ ৰাওৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছিল । বৰ্তমান দুয়োগৰাকী মন্ত্ৰী সুস্থ হৈ উঠিছে ।

গৃহ বিভাগৰ মন্ত্ৰী মহম্মদ মেহমুদ আলি হাস্পতালত ভৰ্তি হোৱাৰ বিপৰীতে বিত্ত মন্ত্ৰী টি হৰিশ ৰাও ঘৰতে হোম আইছলেশ্যনত থাকি সুস্থ হৈ উঠিছে । আনহাতে বিভিন্ন দলৰ প্ৰায় এক ডজনতকৈও অধিক বিধায়ক কোভিড-১৯ত আক্ৰান্ত হৈছিল যদিও বৰ্তমান সকলো সুস্থ হৈ উঠিছে ।

লগতে চাওকঃ প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত 5 পুত্ৰই আগবঢ়ালে এম্বুলেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.