নিউজ ডেস্ক, ৭ ডিচেম্বৰ : তেলেংগানাৰ প্ৰথমগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে ৰেৱন্ত ৰেড্ডীয়ে । উল্লেখ্য যে ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে ৰেৱন্ত ৰেড্ডীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।
-
#WATCH | Congress leader Revanth Reddy takes oath as the Chief Minister of Telangana at Hyderabad's LB stadium; Governor Tamilisai Soundararajan administers him the oath of office. pic.twitter.com/TBtZRE0YQD
— ANI (@ANI) December 7, 2023 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | Congress leader Revanth Reddy takes oath as the Chief Minister of Telangana at Hyderabad's LB stadium; Governor Tamilisai Soundararajan administers him the oath of office. pic.twitter.com/TBtZRE0YQD
— ANI (@ANI) December 7, 2023#WATCH | Congress leader Revanth Reddy takes oath as the Chief Minister of Telangana at Hyderabad's LB stadium; Governor Tamilisai Soundararajan administers him the oath of office. pic.twitter.com/TBtZRE0YQD
— ANI (@ANI) December 7, 2023
আনহাতে, মাধিৰাৰ বিধায়ক ভাট্টি বিক্ৰমাৰ্কাই তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মাধিৰা আসনত বিআৰএছ প্ৰাৰ্থী কমল ৰাজু লিংগালাক ৩৫,৪৫২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰা বিক্ৰমাৰ্কাক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কৰা পদযাত্ৰাৰ বাবে কংগ্ৰেছৰ পুনৰুত্থানত সহায়ক হোৱা বুলি বহুতে কৃতিত্ব দিব খোজে ।
তেলেংগানাৰ প্ৰথম কংগ্ৰেছ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বিধায়কসকলৰ ভিতৰত এন উত্তম কুমাৰ ৰেড্ডী, চি দামোদৰ ৰাজনাৰসিংহ, কোমাটিৰেড্ডী ভেংকট ৰেড্ডী অন্যতম ।
-
#WATCH | Telangana CM Revanth Reddy with his newly inducted cabinet in Hyderabad pic.twitter.com/g468C9rnJW
— ANI (@ANI) December 7, 2023 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | Telangana CM Revanth Reddy with his newly inducted cabinet in Hyderabad pic.twitter.com/g468C9rnJW
— ANI (@ANI) December 7, 2023#WATCH | Telangana CM Revanth Reddy with his newly inducted cabinet in Hyderabad pic.twitter.com/g468C9rnJW
— ANI (@ANI) December 7, 2023
ইয়াৰ পূৰ্বে ৰেৱন্তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছোনিয়া গান্ধীৰ সৈতে বৃহস্পতিবাৰে ৰাজধানী হায়দৰাবাদত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ দুপৰীয়া প্ৰায় ১ বজাত লালবাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত উপস্থিত হয় । উল্লেখ্য যে ৰেড্ডীৰ সৈতে ১২ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে ।
শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত ৰেৱন্ত ৰেড্ডীয়ে বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক শমসাবাদ বিমানবন্দৰত আদৰণি জনায় । তেওঁলোকৰ উপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ।
আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী শপত গ্ৰহণ অনুষ্ঠানৰ মঞ্চত উপস্থিত থাকে । উল্লেখ্য যে তেলেংগানাৰ বিদায়ী মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওকো অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ হৈছে তেলেংগানা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অন্যতম । শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় এক লাখ লোকে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :বিজেপিৰ সংসদীয় বৈঠক: ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিক লৈ উৎকণ্ঠা অব্যাহত