ETV Bharat / bharat

তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা - তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও

তেলেংগানাত কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা পৰৱৰ্তী 22 মে’লৈ 10 দিনীয়া লক ডাউন ঘোষণা ৷ লক ডাউনৰ এই সময়ছোৱাত সকলো জৰুৰী সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাহন অথবা লোকৰ অহা-যোৱাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ৷

telangana-government-imposes-10-day-lockdown-from-tomorrow
তেলেংগানত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা
author img

By

Published : May 11, 2021, 4:52 PM IST

Updated : May 11, 2021, 5:00 PM IST

নেচনেল ডেস্ক,11 মে’: দেশত কৰ’ণাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ নিমিত্তে ইতিমধ্যে দেশৰ কেবাখনো ৰাজ্যত লক ডাউন নতুবা নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে ৷ শেহতীয়াভাৱে তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে ৷ মঙলবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে লক ডাউনৰ ঘোষণা কৰে ৷ ৰাওৱে কয় যে, ৰাজ্যখনত কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় আছিল ৷

উল্লেখ্য যে, তেলেংগানাত কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা 22 মে’লৈ 10 দিনীয়া লক ডাউন প্ৰযোজ্য হৈ থাকিব ৷ লক ডাউনৰ এই সময়ছোৱাত সকলো জৰুৰী সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাহন অথবা লোকৰ অহা-যোৱাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ৷ এই লক ডাউন কাইলৈ পুৱা দহ বজাৰ পৰা আৰম্ভ হ’ব ৷ তদুপৰি প্ৰতিদিনে পুৱা 6 বজাৰ পৰা 10 বজালৈকে সকলো ধৰণৰ সেৱা ৰেহাই দিয়া হৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত ৰে'লৰ দবাত ক'ভিড ৰোগীৰ বাবে আইচ'লেশ্যনৰ ব্যৱস্থা

Last Updated : May 11, 2021, 5:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.