ETV Bharat / bharat

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও চিকিৎসালয়ত ভৰ্তি - BRS ৰ নেতা

শুকুৰবাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) মুৰব্বী কে চন্দ্ৰশেখৰ ৰাও ৷ পঞ্চা (ধূতি) পৰিধান কৰি থকাৰ সময়ত পৰি যোৱাত তেওঁৰ কঁকালৰ হাড় ভাঙে ৷ অচিৰেই সম্পন্ন হ’ব পাৰে কঁকালৰ অস্ত্ৰোপচাৰ ৷

Telangana Former CM is Hospitalized
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক চিকিৎসালয়ত ভৰ্তি
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:58 AM IST

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : অসুস্থ তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) মুৰব্বী কে চন্দ্ৰশেখৰ ৰাও ৷ শুকুৰবাৰে মাজনিশা এৰাৱল্লী ফাৰ্মহাউচত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পিচতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক পুৱতি নিশা যশোদা চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

যশোদা চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, ৰাওৰ কঁকালৰ হাড় ভাঙিছে ৷ চিকিৎসকসকলে সম্প্ৰতি তেওঁৰ কঁকালৰ অস্ত্ৰোপচাৰ কৰাৰ সন্দৰ্ভত পৰীক্ষা অব্যাহত ৰাখিছে ৷ অচিৰেই সম্পন্ন হ’ব পাৰে কঁকালৰ অস্ত্ৰোপচাৰ ৷

খবৰ অনুসৰি ৰাওৱে বৃহস্পতিবাৰে মাজনিশা প্ৰায় 12.30 বজাত তেওঁৰ পঞ্চা (ধূতি) পৰিধান কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল ৷ তাৰ পিচতে তেওঁক জৰুৰীকালীন অৱস্থাত যশোদা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

উল্লেখ্য যে, যোৱা 9 মে’ত তিনি ৰাজ্যৰ লগতে তেলেংগানা ৰাজ্যতো বিধানসভা নিৰ্বাচন 2023 ৰ ফলাফল ঘোষণা কৰা হৈছিল ৷ এই নিৰ্বাচনত BRS এ পৰাজয় বৰণ কৰাৰ পিচতে কে চন্দ্ৰশেখৰ ৰাওৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷ ইয়াৰ পিচতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে হায়দৰাবাদৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ প্ৰগতি ভৱন খালী কৰে। অৱশ্যে নিৰ্বাচনৰ পূৰ্বেও কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ বেছিভাগ সময় তেওঁৰ ফাৰ্ম হাউচতেই অতিবাহিত কৰিছিল। দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা ৰাওৱে গজৱেল বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে জয়ী হৈছিল কিন্তু কামৰেড্ডীত পৰাজয়বৰণ কৰিছিল ৷

সম্প্ৰতি প্ৰাক্তন মন্ত্ৰী কে টি ৰামা ৰাও, হৰিশ ৰাও, আৰু এমএলচি কবিতাই কে চন্দ্ৰশেখৰ ৰাৱৰ স্বাস্থ্যৰ সন্দৰ্ভত সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে ৷ তেওঁৰ চিকিৎসাৰ তত্বাৱধান কৰা চিকিৎসকৰ দলৰ সৈতে সকলো মুহূৰ্ততে যোগাযোগ অব্যাহত ৰাখিছে ৷ এই খবৰ লাভ কৰাৰ পিচতে BRS ৰ নেতা-কৰ্মীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ হাস্পতাললৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক: ৩ ৰাজ্যত মুখ্যমন্ত্ৰীৰ বাছনিক লৈ দোমোজাত বিজেপি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.