ETV Bharat / bharat

তেলেংগানাত বান: উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান ৰাহুলৰ

author img

By

Published : Jul 23, 2021, 7:47 PM IST

ধাৰাসাৰ বৰষুণ আৰু বানে(FLOOD) কাল ৰূপ ধাৰণ কৰিছে তেলেংগানাত । শ শ লোক আৱদ্ধ হৈ পৰিছে বান বিধ্বস্ত অঞ্চলত । এনে পৰিস্থিতিত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) ৰাজ্যখনৰ কুমুৰাম ভীম, জগতিয়াল, ৱাৰাংগলত ৰেড এলাৰ্ট(Red alert) জাৰি কৰাৰ লগতে আন ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট(Orange alert) জাৰি কৰিছে ।

Rahul Gandhi urges Congress workers to assist in rescue operations
তেলেংগানাত বান বিধ্বস্ত অঞ্চলত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ২৩ জুলাই: প্ৰলয়ংকাৰী বানে প্লাবিত কৰিছে তেলেংগানা(Telangana)ৰ কেইবাখনো জিলা । নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি পাইছে বানৰ প্ৰকোপ । এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান । এই সংকটৰ সময়ত উদ্ধাৰ অভিযানত সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ৱায়ানাডৰ সাংসদগৰাকীয়ে বানৰ বাবে সৃষ্টি হোৱা সমস্যাৰ বিষয়ে টুইটযোগে উদ্বোগ প্ৰকাশ কৰে ।

লগতে তেওঁ কয় যে, তেওঁ কংগ্ৰেছ কৰ্মীসকলক উদ্ধাৰ অভিযানত সকলো সম্ভৱ সহায় কৰিবলৈ আহ্বান জনাইছে । সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই তেওঁ উল্লেখ কৰে, তেলাংগানাত এতিয়াও অধিক বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (Indian Metrological Department) । সেয়ে, সকলোকে সুৰক্ষিত থাকিবলৈ পৰামৰ্শ দিয়ে ৰাহুল গান্ধীয়ে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) শুকুৰবাৰে তেলেংগানাৰ বাৰখন জিলাত ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী দিয়ে । ৰাজ্যখনৰ কুমুৰাম ভীম, জগতিয়াল, ৱাৰাংগলত ৰেড এলাৰ্ট(Red alert) জাৰি কৰাৰ লগতে আন ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট(Orange alert) জাৰি কৰা হৈছে ।

আনহাতে, বৃহস্পতিবাৰে তেলেংগানাৰ নিৰ্মল জিলাত বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত আৱদ্ধ হৈ থকা প্ৰায় ১০০ জন লোকক এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে । এন ডি আৰ এফৰ দলে নিজামাবাদ জিলাৰ বান বিধ্বস্ত চেভেল গাঁৱত বৃদ্ধাশ্ৰমত আৱদ্ধ হৈ থকা ৭ জন লোককো উদ্ধাৰ কৰে । বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ বিষয়াসকলে শুকুৰবাৰে আৰক্ষীৰ সহায়ত মুচি বস্তি, চাদৰঘাট, শংকৰ নগৰ, ৰাছুলপুৰা, মুছাৰামবাগ আৰু মুচি আদি অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে বুলি জানিবলৈ দিছে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমে ।

বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে মুখ্য সচিব সোমেশ কুমাৰক জলমগ্ন অঞ্চলসমূহত এন ডি আৰ এফৰ দলক নিয়োজিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৫ বাংলাদেশী নাগৰিকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.