নিউজ ডেস্ক, 3 ডিচেম্বৰ : বিধানসভা নিৰ্বাচনৰ ভোটগণনা অন্ত পৰাৰ পূৰ্বেই পদত্যাগ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ ৷ কেচিআৰৰ দল ভাৰত ৰাষ্ট্ৰ সমিতিয়ে নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছতেই এই সিদ্ধান্ত মুখ্যমন্ত্ৰীজনৰ ৷ কে চন্দ্ৰশেখৰ ৰাৱে ৰাজ্যপাল তামিলিছাই সুন্দৰ ৰাজনক দাখিল কৰে পদত্যাগ পত্ৰ ৷ নিৰ্বাচনত কংগ্ৰেছ দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত পৰাজয় স্বীকাৰ কৰে বি আৰ এছৰ মুৰব্বীগৰাকীয়ে।
উল্লেখ্য যে, যোৱা 30 নৱেম্বৰত অনুষ্ঠিত হৈছিল তেলেংগানা বিধানসভাৰ নিৰ্বাচন ৷ 3 ডিচেম্বৰ অৰ্থাৎ আজি দেশৰ আন তিনিখন ৰাজ্যৰ লগতে তেলেংগানাৰো অনুষ্ঠিত হৈছে ভোটগণনা ৷ এই ভোটগণনাত একক সংখ্যাগৰিষ্ঠতা লাভেৰে জয়লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দলে ৷ 119খন আসনৰ 64 খন আসনত জয়লাভ কৰিছে কংগ্ৰেছ দলে ৷ ইফালে 27 খন আসনত জয়লাভ কৰিছে বিগত 10 বছৰে ৰাজ্যখনৰ শাসনত থকা ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ৷ ইতিমধ্যে ৰাজ্যখনত ভোটগণনা অব্যাহত আছে ।
ইফালে কামাৰেড্ডী সমষ্টিত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰেৱন্ত ৰেড্ডী দুয়োজনেই পৰাজিত হয় । বিজেপিৰ প্ৰাৰ্থী কে ভেংকটা ৰমন ৰেড্ডীক বিজয়ী হয় এই সমষ্টিত । দ্বিতীয় স্থানত কেচিআৰ আৰু তৃতীয় স্থানত ৰেৱন্ত ৰেড্ডী থাকে । 119 খন আসনৰ কোনো এখন আসনতেই কোনো নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা নাই ৷
উল্লেখ্য যে, তেলেংগানাত ১১৯ জনীয়া বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন ৩০ নৱেম্বৰত একক পৰ্যায়ত অনুষ্ঠিত হৈছিল । এক্সিট প’লৰ তথ্যত তেলেংগানাৰ কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ৰাজ্যখনত চৰকাৰ গঠনৰ ওচৰ চাপিব পাৰে বুলি প্ৰকাশ পাইছিল । এক্সিট প’লৰ সমীক্ষা অনুসৰি কংগ্ৰেছে ৬০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছিল, আনহাতে বি আৰ এছে ৪৮ খন আসন লাভ কৰিব পাৰে বুলি প্ৰকাশ পাইছিল । বিজেপিয়ে ৫ খন আসন আৰু AIMIM য়ে ৬ খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল।
২০১৮ চনৰ বিধানসভা নিৰ্বাচনত তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ১১৯খন আসনৰ ভিতৰত ৮৮ খন আসনত জয়লাভ কৰিছিল। কংগ্ৰেছে মাত্ৰ ১৯খন আসন আৰু বিজেপিয়ে ১ খন আসনত জয়লাভ কৰিছিল।
লগতে পঢ়ক : তেলেংগানাত থমকিল BRS ৰ বিজয় ৰথ !