ETV Bharat / bharat

৯ ডিচেম্বৰত তেলেংগানাত কংগ্ৰেছে শপত গ্ৰহণ কৰিব: ৰেৱন্ত ৰেড্ডী

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 5:16 PM IST

তেলেংগানাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডীৰ মতে প্ৰতিগৰাকী বিধায়ক মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য । তেলেংগানাত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত ।

Telangana elections 2023
৯ ডিচেম্বৰত তেলেংগানাত কংগ্ৰেছে শপত গ্ৰহণ কৰিব

নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ : তেলেংগানাত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । এইবাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে কামাৰেড্ডী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে তেলেংগানা কংগ্ৰেছৰ সভাপতি এ ৰেৱন্ত ৰেড্ডীয়ে । ভোটদানৰ পাছতে ৰেড্ডীয়ে নিৰ্বাচনৰ ফলাফল আৰু মুখ্যমন্ত্ৰীৰ পদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেনেহ'লে তেওঁৰ দলে কাক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিব ? অৱশ্যে ৰেড্ডীয়ে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে ।

তেওঁ উত্তৰত কয় যে ৮৫ গৰাকী বিধায়ক আছে আৰু সকলোৱে মুখ্যমন্ত্ৰী পদৰ বাবে সক্ষম । এইক্ষেত্ৰত এক প্ৰক্ৰিয়া আছে । যিটো এটা ক্ৰিকেট দল বাছনিৰ দৰে । তেওঁৰ মতে অধিনায়ক চিনাক্ত বা বাছনি কৰাৰ পূৰ্বে প্ৰথমে খেলুৱৈসকলক বাছনি কৰা হয় । তেনেদৰে, দলটো বাছনি কৰাৰ পূৰ্বে অধিনায়কৰ কোনো বাছনি নহয় ।

ৰেড্ডীৰ মতে তেওঁ কেৱল কংগ্ৰেছ দলৰ অধিনায়ক । নিৰ্বাচন শেষ হোৱাৰ পাছত বিধায়কসকলে কংগ্ৰেছ বিধায়িনী দলৰ মুৰব্বী বাছনি কৰিব লাগিব । সেয়ে খৰধৰ কৰাৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ উল্লেখ কৰে ।

ৰেড্ডীয়ে লগতে কয় যে ৯ ডিচেম্বৰৰ পুৱা ১০.৩০ বজাত এলবি ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব যিটো সকলোৱে চাব পাৰিব । অৱশ্যে কংগ্ৰেছ নেতাগৰাকীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ দল এইবাৰ তেলেংগানাত ক্ষমতালৈ আহিব আৰু কেচিআৰ নেতৃত্বাধীন বিআৰএছক পৰাজিত কৰিব ।

তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ একো কোৱাৰ প্ৰয়োজন নাই । সকলোৱে জানে যে কেনেদৰে কংগ্ৰেছ দলে প্ৰদৰ্শন কৰিছে । ভাৰত জোড়ো যাত্ৰাৰ পাছত কংগ্ৰেছে বিষয়বোৰৰ ওপৰত ৰণনীতি গঠন কৰিছে আৰু ই এক কাৰিকৰী প্ৰক্ৰিয়া । ৰেড্ডীৰ মতে ৩০ নৱেম্বৰ হৈছে ভোটদানৰ তাৰিখ, ৩ ডিচেম্বৰ হৈছে ফলাফলৰ দিন আৰু ৯ ডিচেম্বৰত হ'ব শপতগ্ৰহণ অনুষ্ঠান । কংগ্ৰেছ নেতাগৰাকীৰ মতে ৰাইজে ইতিমধ্যে তেলেংগানাত কংগ্ৰেছ চৰকাৰক চোৱাৰ সিদ্ধান্ত লৈছে । তেওঁ লগতে কয় যে 'আচ্ছে দিন' তেলেংগানালৈ আহিব, 'দুৰালা চৰকাৰ' এৰিব আৰু 'প্ৰাজলা চৰকাৰ' আহিব...।

লগতে পঢ়ক :তেলেংগানাত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ: কোন কোন হেভিৱেট নেতাৰ আজি ভাগ্যবন্দী হ’ব ই ভি এমত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.