ETV Bharat / bharat

কিছুদিন পূৰ্বে কৰ'ণাত আক্ৰান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্য সুস্থিৰ

author img

By

Published : Apr 22, 2021, 7:15 PM IST

যোৱা ১৯ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও । বুধবাৰে সন্ধিয়া সোমাজিগুড়াস্থিত যশোদা হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী । চিটি স্কেন আৰু অন্যান্য পৰীক্ষাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় হাস্পতালখনত ।

কিছুদিন পূৰ্বে কৰ'ণাত আক্ৰান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্য সুস্থিৰ
কিছুদিন পূৰ্বে কৰ'ণাত আক্ৰান্ত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্য সুস্থিৰ

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: বুধবাৰে সন্ধিয়া সোমাজিগুড়াস্থিত যশোদা হাস্পতালত উপস্থিত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও । চিটি স্কেন আৰু অন্যান্য পৰীক্ষাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় হাস্পতালখনত । যোৱা ১৯ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈছিল মুখ্যমন্ত্ৰীগৰাকী । তেতিয়াৰে পৰা চিকিৎসকৰ পৰামৰ্শ অনুসৰি ফাৰ্ম হাউচত কোৱাৰেণ্টাইনত আছিল মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে তেওঁৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ । বুধবাৰে মুখ্যমন্ত্ৰীক পৰীক্ষা কৰা চিকিৎসক সকলে তেওঁৰ অৱস্থা স্থিৰ আৰু তেওঁ কম সময়ৰ ভিতৰতে আৰোগ্য হ'ব বুলি মন্তব্য কৰিছে ।চিকিৎসকসকলৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ চৰকাৰী বিবৃতিত কোৱা হৈছে যে, মুখ্যমন্ত্ৰী হাঁওফাঁও স্বাভাৱিক আৰু সেইবোৰত কোনো সংক্ৰমণ নাই । স্বাভাৱিক তেজ পৰীক্ষা কৰাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হয় ।

জানিব পৰা মতে এই পৰীক্ষাবোৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত চিকিৎসক ডাঃ এম ভি ৰাওৰ তত্বাৱধানত কৰা হৈছে । মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী কে টি ৰামা ৰাও, সাংসদ জে সন্তোষ কুমাৰ আৰু পৰিয়ালৰ আন সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক:কৰ’ণাৰ লক্ষণ দেখা নিদিয়া ব্যক্তিসকল সাৱধান হোৱা প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.