ETV Bharat / bharat

ভাৰতী এয়াৰটেলৰে অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰ তেজছৰ - 5জি বেকহল

মুখ্য মহানগৰীয় বজাৰত টেলিকম অপাৰেটৰৰ অপ্টিকেল নেটৱৰ্ক(Optical network) ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতী এয়াৰটেল(Bharti Airtel)ৰ সৈতে কাম কৰিব তেজছ নেটৱৰ্কে(Tejas Networks) । বৃহস্পতিবাৰে তেজছ নেটৱৰ্কৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে । ইতিমধ্যে, ভাৰতী এয়াৰটেলৰ সৈতে অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰ কৰিছে তেজছে ।

Tejas bags optical network expansion deal from Bharti Airtel
ভাৰতী এয়াৰটেলৰে অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰ তেজছৰ
author img

By

Published : Sep 23, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ: এতিয়াৰে পৰা ভাৰতী এয়াৰটেল(Bharti Airtel)ৰ অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ বাবে অপ্টিকেল ট্ৰেন্সমিচন সামগ্ৰী যোগান ধৰিব তেজছ নেটৱৰ্কে(Tejas Networks) । এই সন্দৰ্ভত ভাৰতী এয়াৰটেল আৰু তেজছৰ মাজত অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছে । মুখ্য মহানগৰীয় বজাৰত টেলিকম অপাৰেটৰৰ অপ্টিকেল নেটৱৰ্ক(Optical network) ক্ষমতা বৃদ্ধি কৰাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে । বৃহস্পতিবাৰে তেজছ নেটৱৰ্কৰ তৰফৰ পৰা এই তথ্য নিশ্চিত কৰা হৈছে ।

ভাৰতী এয়াৰটেলৰ অপ্টিকেল নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ বাবে তেজছে অপ্টিকেল ট্ৰেন্সমিচন সামগ্ৰী যোগান ধৰাৰ লগতে ইনষ্টলো কৰিব । লগতে 5জি বেকহল, ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ(B2B) সেৱা, আৰু ব্ৰডবেণ্ড এপ্লিকেচন আদিও তেজছ নেটৱৰ্কে সমৰ্থন কৰিব । ভাৰতী এয়াৰটেলৰ মুখ্য প্ৰযুক্তি বিষয়া ৰণদীপ চেখোনে এক বিবৃতিযোগে জনায় যে, এয়াৰটেলে 5জি আৰম্ভ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে মেট্ৰ' নেটৱৰ্ক ক্ষমতা সম্প্ৰসাৰিত কৰাৰ বাবে যথেষ্ট বিনিয়োগ কৰি আহিছে । লগতে তেওঁ কয় যে, তেজছৰ সৈতে অংশীদাৰিত্বক লৈ তেওঁলোক যথেষ্ট আনন্দিত হৈছে আৰু ভাৰতী এয়াৰটেল আৰু তেজছৰ সহযোগিতাই গ্ৰাহকসকলক এক বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম কৰিব ।

তেজছ নেটৱৰ্কৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় নায়কে কয় যে, এয়াৰটেলৰ সৈতে দশকজোৰা অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰি তেওঁলোকো যথেষ্ট আনন্দিত হৈছে । এই নতুন চুক্তিৰ অধীনত এয়াৰটেলৰ মেট্ৰ' নেটৱৰ্ক ক্ষমতা বৃদ্ধি কৰিবলৈ তেজছৰ মাল্টি-টেৰাবিট টিজে ১৬০০ ডি ডব্লিউ ডি এম/অ' টি এন সামগ্ৰী যোগান ধৰিব ।

লগতে পঢ়ক:উল্টাপানীৰ ঘটনাক লৈ উত্তাল কোকৰাঝাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.