ETV Bharat / bharat

মিৰাটত এজন শিক্ষকৰ বিৰুদ্ধে ১ বছৰ ধৰি কিশোৰী নিৰ্যাতনৰ অভিযোগ - কিশোৰী নিৰ্যাতনৰ অভিযোগ

উত্তৰ প্ৰদেশৰ মিৰাটত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষকে । এটা বছৰৰো অধিক সময় ধৰি এগৰাকী কিশোৰীক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিক হৈছে শিক্ষকজনৰ বিৰুদ্ধে (Teacher accused of molesting teenage girl)।

teenagers were abused for more than 1 year by teachers in meerut
মিৰাটত শিক্ষকে এবছৰে কিশোৰীক উৎপীড়ন চলোৱাৰ অভিযোগ
author img

By

Published : Aug 22, 2022, 9:31 AM IST

নেশ্যনেল ডেস্ক,২২ আগষ্ট: উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এক লাজলগা কাণ্ড । এবছৰৰো অধিক সময় ধৰি এগৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে(Teacher accused of molesting teenage girl)। অতিষ্ঠ হৈ পৰিয়ালৰ লোকে দাখিল কৰিলে এজাহাৰ ।

অভিযোগ অনুসৰি, যোৱা এটা বছৰৰো অধিক সময় কিশোৰীগৰাকীক তেওঁৰ অধ্যয়নৰত বিদ্যালয়খনৰে এগৰাকী শিক্ষকে নিৰ্যাতন চলাই আহিছে (Teacher accused of molesting teenage girl for one-and-a-half years) । আৰক্ষীয়ে দিয়া তথ্য মতে, ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰায় ১.৫ বছৰে কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছে এখন এজাহাৰ । ইতিমধ্যে এই সন্দৰ্ভত থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।

আৰক্ষীৰ এগৰাকী বিষয়াই কয়, এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মাতৃয়ে নিৰ্যাতনৰ এখন এজাহাৰ দাখিল কৰিছে । কিশোৰীগৰাকীৰ মাতৃয়ে তৰা গোচৰ অনুসৰি ৩২-৩৪ বছৰীয়া শিক্ষকজনে প্ৰায় ১.৫ বছৰ ধৰি ধাৰাবাহিকভাৱে কিশোৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল । এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰাৰ লগতে অভিযুক্তৰ সন্ধানত অভিযান চলোৱা বুলিও জনালে মিৰাটৰ আৰক্ষী অধীক্ষক বিনীত ভাটনাগৰে ।

লগতে পঢ়ক: জম্মু কাশ্মীৰত সন্ত্ৰাস, গ্ৰেণেড বিস্ফোৰণত আহত 9 গৰাকী অসামৰিক লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.